নিয়মীয়া বাৰ্তা, ২৪ জানুৱাৰীঃ প্ৰতিষ্ঠাৰ দুই দশকতকৈও অধিক কাল অতিক্ৰম কৰাৰ পাছতহ লাডাখৰ ড্ৰাক পদ্মা কাপুৰ স্কুলে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ (চিবিএছই)ৰ স্বীকৃতি লাভ কৰা নাই৷ “ৰেনচোছ স্কুল” নামেৰে জনপ্ৰিয় হৈ পৰা বিদ্যালয়খনে চিবিএছইৰ অন্তভুৰ্ক্ত হ’বলৈ ৰাজ্য চৰকাৰৰপৰা যি এন’অচিৰ প্ৰয়োজন সেয়া হৈ উঠা নাই৷ আমীৰ খানৰ বহুচৰ্চিত ছবি “থ্ৰী ইডিয়টছ”ত ২০১৯ চনতে প্ৰদৰ্শিত আদৰ্শ বিদ্যালয়খন বৰ্তমান জম্মু-কাশ্মীৰ ৰাজ্যিক শিক্ষা পৰিষদৰ অধীনত আছে৷
বিদ্যালয়খনৰ অধক্ষ্য মিংগুৰ অগমোৱে সংবাদ সংস্থা পিটিআইক জনোৱা মতে, তেওঁলোকে কেইবাবছৰ পূৰ্বৰেপৰা চিবিএছইৰ অন্তভুৰ্ক্তি বিচাৰি আহিছে যদিও সেয়া এতিয়াও হৈ উঠা নাই৷
অধ্যক্ষগৰাকীয়ে কয় যে, প্ৰয়োজনীয় আন্তঃগাঁথনি, উন্নত ফলাফল, শিক্ষাদানৰ নিত্য নতুন উদ্ভাৱনী কৌশল প্ৰদৰ্শন কৰি অহা সত্ত্বেও ৰাজ্যিক শিক্ষা ব’ৰ্ডে বিদ্যালয়খনক এন’অচি দিয়া নাই৷
অৱশ্যে চলিত বৰ্ষতে বিদ্যালয়খনে প্ৰয়োজনীয় নথি লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰিছে৷
-দীপক কুৰ্মী