নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঁচ দিনৰ পাছত আজি কমিছে ক’ভিড আক্ৰান্তৰ সংখ্যা

একেৰাহে পাঁচ দিন ৩ লাখৰ ওপৰত ক’ভিড-১৯ ত দৈনিক নতুনকৈ আক্ৰান্ত হৈ থকাৰ পাছত আজি কিছু সকাহ পাইছে দেশবাসীয়ে। যোৱা ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা তিনি লাখৰ তলত। কালিৰ তুলনাত ১৬.৩৯ শতাংশ কম বুলি চৰকাৰী তথ্যত প্ৰকাশ পাইছে। মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি দেশত ক’ভিডত নতুনকৈ আক্ৰান্ত হৈছে ২,৫৫,৮৭৪। লগতে মুঠ আক্ৰান্ত হৈ আছে ৩.৯৮ কোটি লোক। আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছত ক’ভিডত আটাইতকৈ প্ৰভাৱিত হোৱা ভাৰতত দৈনিক আক্ৰান্তৰ সংখ্যা কালিৰ ২০.৭৫ শতাংশৰ তুলনাত আজি ১৫.৫২ শতাংশ হ্ৰাস পাইছে। অৱশ্যে যোৱা ২৪ ঘণ্টাত মৃত্যু হৈছে ৬১৪ জন লোকৰ। মুঠতে, অতিমাৰীৰ আৰম্ভণীৰ পৰা এতিয়ালৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৪,৯০,৪৬২। ইপিনে, ভেকচিন লোৱা লোকৰ সংখ্যা ১৬২.৯২ কোটিৰ অধিক।

You might also like