নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিম্নগামী পাৰাস্তম্ভ, আকৌ বাঢ়িব জাৰৰ প্ৰকোপ

ঠেটুঁৱৈ ধৰা জানুৱাৰী। প্ৰচণ্ড জাৰৰ পৰা ৰক্ষা পোৱা নাই দেশৰ হিন্দীবলয়। উত্তৰ পূব, উত্তৰ পশ্চিম আৰু মধ্য ভাৰতত ক্ৰমাৎ নিম্নগামী হৈছে পাৰাস্তম্ভ। মঙলবাৰৰ বৰষুণৰ পাছত এই অঞ্চলটোত আৰু বৃষ্টিপাত নহয় যদিও জাৰৰ প্ৰকোপৰ পৰা সহজে ৰক্ষা নাপাব। চলিত সপ্তাহটোত অধিক জাৰত কঁপিব লাগিব।

বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে যে অহা পাঁচ দিনত এই অঞ্চলটোত সৰ্বনিম্ন তাপমান ৩-৫ ডিগ্ৰী চেলচিয়াছলৈ যাব পাৰে। বিশেষকৈ পশ্চিম মধ্যপ্ৰদেশ, পাঞ্জাৱ, হাৰিয়ানা, চণ্ডীগড়, দিল্লী, পূব মধ্য প্ৰদেশ, উত্তৰাখণ্ড, পশ্চিম উত্তৰ প্ৰদেশ আদিকে ধৰি অঞ্চলবোৰত অহা দিনকেইটাত জাৰ বাঢ়িব আৰু ঘন কুঁৱলীয়ে আৱৰি থাকিব পাৰে।

ইপিনে, পাহাৰীয়া হিমাচল প্ৰদেশত বৰ্ষটোৰ সৰ্বাধিক হিমপাত হৈছে যোৱা ২৩ জানুৱাৰীত। নতুনকৈ হোৱা হিমপাতে শুভ্ৰ আচ্ছাদনৰ সৃষ্টি কৰিছে। ৰাজধানী চহৰ ছিমলা, কুফৰী, ধৰ্মশালা আদিত ২০ ছেণ্টিমিটাৰৰ পৰা ৬২ ছেণ্টিমিটাৰলৈ হিমপাত হৈছে।

You might also like