আঁচনি ৰূপায়ণৰ বাবে প্রশাসনীয় কাম আৰম্ভ কৰাৰ নির্দেশ
বানপানী–গৰাখহনীয়া ব্যৱস্থাপনাৰ পর্যালোচনা জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাৰ
নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ ব্রহ্মপুত্র আৰু ইয়াৰ প্রধান উপনৈসমূহৰ বানপানী–খহনীয়া নিয়ন্ত্রণৰ বাবে ৰূপায়ণ হ’বলগীয়া আঁচনিসমূহ সময় মতে আৰু সঠিকভাৱে কার্যকৰী কৰাৰ প্রতি লক্ষ্য ৰাখি ভূমি অধিগ্রহণসহ আন প্রশাসনীয় কামবোৰ ক্ষিপ্রতাৰে সম্পন্ন কৰিবলৈ বিভাগীয় বিষয়াসকলক নির্দেশ দিছে জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকাই৷
উল্লেখ্য যে মন্ত্রী হাজৰিকাই শুকুৰবাৰে দিছপুৰস্থিত জনতা ভৱনৰ নিজ কার্যালয়ৰ সভাকক্ষত বান আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণৰ এখন গুৰুত্বপূর্ণ পর্যালোচনা আব্বাছিৰ উপস্থিতিত বান আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণৰ মুখ্য কার্যবাহী বিষয়া ডাঃ জীৱন বিয়ে বান নিয়ন্ত্রণৰ ক্ষেত্রত কার্যকৰী হ’বলগীয়া দুখন গুৰুত্বপূর্ণ আঁচনিৰ বিস্তৃত উপস্থাপন দাঙি ধৰে৷
বৈঠকত মন্ত্রী হাজৰিকাই বান আৰু নদী খহনীয়া ব্যৱস্থাপনা অভিকৰণক জলসম্পদ বিভাগৰ আঁচনিসমূহে সামৰি নোলোৱা অংশত কাম কৰিবলৈও নির্দেশ দিয়ে৷ মন্ত্রী হাজৰিকাই বিভাগীয় বিষয়াসকলৰ পৰা বর্তমানে ৰাজ্যত চলি থকা জলসম্পদ বিভাগৰ কাম–কাজৰো খতিয়ান লয়৷ এই সময়ছোৱাতে তেওঁ বাৰিষাৰ সময়ত বান নিয়ন্ত্রণৰ বাবে জৰুৰীভাৱে প্রয়োজন হোৱা সামগ্রী ক্রয় তথা স্পর্শকাতৰ অঞ্চল চিহ্ণিত কৰি তেনে অঞ্চলসমূহলৈ জৰুৰীকালীন সামগ্রী বিতৰণকে ধৰি অন্যান্য কামবোৰৰ ওপৰত এতিয়াৰে পৰা গুৰুত্ব দিবলৈ বিভাগীয় বিষয়াসকলক নির্দেশ দিয়ে৷