নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত নাহৰ নৈৰ মথাউৰি ছিঙি বিস্তীর্ণ অঞ্চল প্লাৱিত, ক্ষতিগ্ৰস্ত কেইবাখনো গাঁও

অসম আৰু অৰুণাচল প্ৰদেশত বিগত দুদিন ধৰি অব্যাহত থকা নেৰানেপৰা বৰষুণৰ ফলত জোনাইৰ নাহৰ নৈয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। নৈখনৰ প্ৰবল সোঁতৰ চাপত  দুই নং অমৰপুৰ পাংগিং গাঁৱৰ সমীপত থকা মথাউৰিৰ প্ৰায় ৫০ মিটাৰ অংশ ছিঙি যোৱাত বিস্তীর্ণ অঞ্চল বানপানীত প্লাৱিত হোৱা পৰিলক্ষিত হৈছে।

জানিব পৰা মতে,  হঠাৎ বৃদ্ধি পোৱা নাহৰ নৈৰ বাঢ়নী পানীয়ে মথাউৰিৰ বৃহৎ অংশ উটুৱাই নিয়াত  কেইবাখনো গাঁৱৰ কৃষিভূমি জলমগ্ন হৈ পৰে। বিশেষকৈ দুই নং অমৰপুৰ পাংগিং গাঁও, নাহৰ বিজুলী, নাহৰ বান্দনাকে ধৰি কেইবাখনো গাঁও জলমগ্ন হৈ পৰে । বানপানীৰ ফলত বিস্তীর্ণ কৃষিভূমি জলমগ্ন হোৱাৰ লগতে খেতি-বাতিৰ ব্যাপক ক্ষতি হোৱা বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে।

আনহাতে, চিলে পঞ্চায়তৰ ৫নং ৱাৰ্ডৰ ওৰাং বস্তি গাঁৱৰ চিলে নদীৰ পৰা বৈ অহা ওৰাং নলা ওপৰৰ পকী দলং ভাঙি যোৱাত প্ৰায় ২০০টা পৰিয়ালৰ যাতায়াত ব্যাহত হৈ পৰিছে। পুনৰ দলং নিৰ্মাণ কৰি দিবলৈ বিধায়ক ভুবন পেগুলৈ আহ্বান স্থানীয় ৰাইজৰ ।

উল্লেখ্য যে শান্তিপুৰ মালভোগ ওৰাং নলাৰ ওপৰত যোৱা ২০১৭-১৮ৰ বিত্তীয় বৰ্ষৰ মূৰ্কংচেলেক জনজাতি উন্নয়ন খণ্ডৰ পুঁজিৰে নিৰ্মিত পকী দলংখন ভাঙি যোৱাত এতিয়া ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। দুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত পাহাৰীয়া খৰস্ৰোতা পানীত দলংখন ভাঙি যোৱাত ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজৰ বহিঃজগতৰ সৈতে যোগাযোগ ব্যাহত হৈ আছে। গতিকে বিধায়ক ভুবন পেগুক স্থানীয় ৰাইজ তথা কণ কণ ছাত্ৰ-ছাত্ৰীৰসকলে শীঘ্ৰে দলংখন পুনৰ নিৰ্মাণ কৰি পথটো সুচল কৰি তুলিবলৈ আহ্বান জনায়।

নিয়মীয়া বাৰ্তা, জোনাই, ৪ জুন :
You might also like