নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাক্তন প্ৰেমিকা বা প্ৰেমিকক সপোনাত দেখিছে নেকিঃ ইয়াৰ ইংগিত কি….

নিয়মীয়া বাৰ্তা ২৯ জানুৱাৰীঃ টোপনি যোৱাৰ পিছত লোক এজন এখন বেলেগ জগতত প্ৰৱেশ কৰে। যাক আমি সাধাৰণ ভাষাত টোপনি বুলি কওঁ। সপোনত আমি ভিন্ন জনক দেখা পাওঁ কিন্তু কেতিয়াবা যদি সপোনাত প্ৰাক্তন প্ৰেয়সী বা প্ৰেমিকক দেখা পাওঁ তেতিয়া ই কিহৰ ইংগিত দিয়ে।

সপোনত দেখি থকা কাৰণ এইটো নেকি যে প্ৰাক্তন প্ৰেমিক বা প্ৰেমিকাৰ প্ৰতি মৰম বাকী আছে। বহুতে এইটো কথাও ভাবে। বিশেষজ্ঞসকলৰ মতে প্ৰেম বিচ্চেদৰ সময়ত দুয়োৰে খং বা তেওঁৰ প্ৰতি থকা বিৰক্তি সমূহ প্ৰেমিক প্ৰেমিকাই প্ৰকাশ কৰিব নোৱাৰিলে। যাৰ বাবে প্ৰাক্তন প্ৰেমিক বা প্ৰেমিকাক সপোনাত দেখিব পাৰে।

হয়তো নতুন সম্পৰ্কত আগৰ সম্পৰ্কৰ ভুলবোৰ আৰু কৰিব নিবিচাৰে। নতুন প্ৰেমক নিজৰ কৰি ল’ব বিচাৰে। সেইকাৰণে অতীতৰ কথাবোৰও সপোনত দেখিব পাৰে।

আন এক কাৰণ হ’ব পাৰে যে প্ৰাক্তনজনৰ লগত বহুভাৱে জড়িত আছিল। ই  মনক ইমান প্ৰভাৱিত কৰিছিল যে ইয়াক জীৱনৰ গুৰুত্বপূৰ্ণ সময়ত ইয়াক মনত পৰে। আৰু অৱচেতন মনত সেইবাবোৰেই  সপোন হৈ আহে।

কেতিয়াবা নতুন সম্পৰ্কতো ভয় থাকে। আকৌ মনটো ভাঙি পৰিব নেকি? এই প্ৰশ্নটো বাৰে বাৰে বহুতৰে মনত ঘুৰি থাকে । যাৰ বাবেও সপোনত প্ৰাক্তনক দেখাটো এক স্বাভাৱিক কথা।

যদিও প্ৰেমিক প্ৰেমিকাই বিচ্ছেদৰ পিছত এক নতুন সম্পৰ্কত জড়িত হৈ পৰে, তথাপিও বহুলোকে অতীতৰ বিষয়ে দুখী হৈ থাকে। যেতিয়া প্ৰেমিক বা প্ৰেমিকা গৰাকী অকলশৰীয়া হয়, তেতিয়া হয়তো এৰি অহা জীৱনৰ কথা অধিক মনত পেলাই। অকলশৰীয়াকে থকাৰ বাবেও প্ৰাক্তন জন সপোনত দেখিব পাৰে।

কাৰণ যিয়েই নহওঁক। যদি প্ৰাক্তন জনক সঘনাই সপোনত দেখি আছে তেতিয়া হলে বিশেষজ্ঞ এজনৰ পৰামৰ্শ লওঁক।

You might also like