সুখবৰ এলিপিজি চিলিণ্ডাৰৰ কমিল দাম
নিয়মীয়া বাৰ্তা, ১ ফেব্ৰুৱাৰীঃ মূল্যবৃদ্ধিয়ে সবৰ্সাধাৰণক জুৰুলা কৰি অহাৰ সময়তে এক ভাল খবৰ আহিছে সকলোৰে বাবে। ৰন্ধন প্ৰকৰণৰ বাবে অতি প্ৰয়োজনীয় বাণিজ্যিক চিলিণ্ডাৰৰ দাম 91.5 টকা কম হৈছে। কিন্তু ঘৰুৱা ৰন্ধন চিলিণ্ডাৰৰ কাম কিন্তু অপৰিৱৰ্তিত হৈ আছে। ভাৰতীয় অইল মাৰ্কেটিং কোম্পানীয়ে ফেব্ৰুৱাৰী মাহৰ ক্ষেত্ৰত জনাইছে যে ঘৰুৱা চিলিণ্ডাৰৰ দাম একেই আছে। সেই অনুসৰি দিল্লীত ঘৰুৱা চিলিণ্ডাৰৰ দাম কোনো দাম সলনি নোহোৱাকৈ 899.5 টকা। আই অ চিয়ে জনোৱা অনুসৰি ১৯ কিলোগ্ৰাম গেছ চিলিণ্ডাৰৰ দাম 91.5 টকা কম কৰা হৈছে। সেই অনুসৰি দিল্লীত ১৯ কিলোগ্ৰাম চিলিণ্ডাৰৰ দাম এতিয়া হৈছে 1907 টকা। উল্লেখ্য যে জানুৱাৰী মাহতো কমাৰ্ছিয়েল চিলিণ্ডাৰৰ দাম 102.50 টকা হ্ৰাস কৰিছিল আই অ চিয়ে।
সেই অনুসৰি ভাৰতৰ বিভিন্ন স্থানত নতুন দামৰ তালিকা এনেধৰণৰ- কলকাতাত ৮৯ টকা কমি ১৯৮৭, মুম্বাইত ১৮৫৭ টকাত চেন্নাইত ইয়াৰ দাম হৈছেগৈ 2080.50 টকা।