নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রীয় কৰৰ অংশ হিচাপে অসমে অতিৰিক্ত ৫,০০০ কোটি টকা পাব

কেন্দ্রীয় বাজেটক লৈ মুখ্যমন্ত্রী ড০ শর্মা

নিয়মীয়া বাৰ্তা ২ ফেব্ৰুৱাৰীঃ  কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে সোমবাৰে সংসদত দাখিল কৰা কেন্দ্রীয় বাজেটখনে ৰাজ্যসমূহৰ অর্থনীতিত আশাৰ সঞ্চাৰ কৰিছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্রী ড০ শর্মাই৷ সোমবাৰে গুৱাহাটীত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বাজেটখনত ক’ভিডৰ বাবে সংকুচিত হোৱা ৰাজ্যসমূহৰ অর্থনীতি বিকাশৰ লগতে শক্তিশালী কৰাত গুৰুত্ব দিছে৷ সেইদৰে কেন্দ্রৰ পৰা অসমে লাভ কৰা কেন্দ্রীয় কৰৰ অংশ ২০ হাজাৰ কোটি টকাৰ পৰা ২৫ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰিছে৷ ইয়াৰ ফলত অসমে অহা বছৰ কেন্দ্রীয় কৰৰ অংশ হিচাপে অতিৰিক্তভাৱে ৫,০০০ কোটি টকা লাভ কৰিব৷ আন ৰাজ্যসমূহেও অনুৰূপ ধৰণে অতিৰিক্ত কেন্দ্রীয় কৰৰ অংশ লাভ কৰিব৷ একেদৰে মূলধনী ব্যয়ৰ বাবে অসমক বছৰি ৪,০০ৰ পৰা ৬,০০ কোটি টকা দি আছিল৷ তেতিয়া দেশৰ বাজেটত মূলধনী ব্যয়ৰ বাবে ধার্য আছিল ১০,০০০ কোটি টকা ৷ এইবাৰ বাজেটত সেই পৰিমাণ ১ লাখ কোটি টকালৈ বৃদ্ধি হৈছে৷

সেয়ে এইবাৰ অসমে মূলধনী ব্যয় শিতানত লাভ কৰিবলগীয়া ধনৰ পৰিমাণ ৩,০০০ কোটি টকাৰ পৰা ৪,০০০ কোটি টকালৈ বৃদ্ধি হ’ব৷ আনহাতে ঋণ গ্রহণৰ ক্ষেত্রত ৰাজ্যসমূহে নিজস্ব জিডিপিৰ ওপৰত ৩.৫ শতাংশ ঋণ ল’ব পাৰিছিল৷ এতিয়াৰে পৰা ঋণ গ্রহণৰ পৰিমাণ জিডিপিৰ ৪ শতাংশলৈ বৃদ্ধি কৰা হৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ মতে, সমগ্র বাজেটখন বাদ দি উক্ত তিনিটা দিশৰ পৰা চালে অহা বছৰত ৰাজ্যৰ অর্থনীতি বর্তমানতকৈ বহু শক্তিশালী পর্যায়লৈ নিব৷ এগ্র’ ফৰেষ্ট্রী, ডিজিটেল কাৰেন্সী, পিএম ইনিচিয়েটিভ ফৰ নর্থ–ইষ্ট, নেচনেল ফার্মিং, ক’ভিডৰ পৰৱর্তী পর্যায়ৰ অর্থনীতি বিকাশত যথেষ্ট সহায় কৰিব৷

ইপিনে বর্তমান অসমৰ অর্থনীতিৰ প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই বছৰ অসমে বিত্তীয় ব্যয় ৯৫ হাজাৰ কোটি টকা কৰিবলৈ সক্ষম হ’ব৷ আজিলৈকে অসমৰ ইতিহাসত কেতিয়াও ইমান বিত্তীয় ব্যয় হোৱা নাই৷ কংগ্রেছৰ দিনত বিত্তীয় ব্যয়ৰ পৰিমাণ আছিল ৪২ হাজাৰ কোটি টকা৷ অহা বছৰ অসমে বিত্তীয় ব্যয়ৰ ক্ষেত্রত ১ লাখ কোটি টকা অতিক্রম কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এইবাৰ ৰাজ্যৰ জিডিপিৰো অভাৱনীয় বৃদ্ধি হৈছে৷ কৰ সংগ্রহৰ ক্ষেত্রতো ২৫ শতাংশ বিকাশ হৈছে৷ ৰাজ্যৰ বিত্তীয় ইতিহাসৰ পুৰণা অভিলেখ এইবাৰ ভংগ কৰিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে৷

You might also like