বিতর্ক খ্যাতনামীসকলৰ জীৱনৰ অংগ। বহুতে তেনেকৈয়ে ক’ব। কিন্তু অস্বস্তিত পৰিলে কাৰ ভাল লাগে? আকৌ অস্বস্তিত পৰিছে অভিনেত্ৰী ঐশ্বর্য ৰায় বচ্চন। পাকিস্তানৰ প্রাক্তন ৰাষ্ট্ৰপতি আছিফ আলি জৰ্দাৰীয়ে ঐশ্বর্যক ১০ কোটি টকা দিছিলে। ২০০৮ চনত পাকিস্তানৰ ৰাষ্ট্ৰপতি হৈ থকা সময়ত জৰ্দাৰীৰ বাসভৱনৰ এটি ব্যক্তিগত অনুষ্ঠানত পাৰর্ফম কৰাৰ বাবে সেই টকা লৈছিল ঐশ্বর্যাই। এই দাবী কৰিছে পাকিস্তানৰ ৰাজনৈতিক বিশ্লেষক শাহিদ মাছুদে।
সেই ‘ঘটনা’ৰ সময়ত পাকিস্তানৰ এটি টেলিভিছন চেনেলত লাইভ চাট শ্ব’ কৰিছিল মাছুদে। পাকিস্তানৰ সংবাদ মাধ্যমত প্রকাশিত তথ্য মতে, চাট শ্ব’ত সেই কথা কৈছিল তেওঁ। জৰ্দাৰীৰ ঘনিষ্ঠ সূত্রৰ মাধ্যমেৰে তেওঁ জানিব পাৰিছিল যে পাক ৰাষ্ট্ৰপতিৰ বাসভবনৰ অনুষ্ঠানত এৰাতিৰ নৃত্য পৰিৱেশন কৰিছিল ঐশ্বর্যাই। সেই বাবেই ১০ কোটি টকা দিয়ে জৰ্দাৰীয়ে। সত্য কি সেয়া জনা হোৱা নাই যদিও মাছুদৰ দাবীকলৈ পাকিস্তানৰ অনেকেই হতবাক।