স্বস্তি : ১৫ ফেব্রুৱাৰীৰ পৰা স্বাভাৱিক জীৱন যাত্রা
নিয়মীয়া বাৰ্তা, ৭ ফেব্রুৱাৰীঃ স্বাভাৱিক হোৱাৰ দিশে ৰাজ্যৰ জীৱনযাত্ৰা। সুদীর্ঘ দিনৰ মূৰত ৰাজ্যবাসীয়ে পাৰ কৰা জটিল দিনবোৰৰ অৱসান ঘটোৱাৰ কথা ঘোষণা কৰিলে মুখ্য়মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। যেন স্বস্তিৰ নিশ্বাস এৰিব ৰাজ্যবাসীয়ে। ক’ভিডৰ বাবে যোৱা দুটা বছৰে অসমত শিক্ষানুষ্ঠান, ব্যৱসায়–বাণিজ্যকে ধৰি স্বাভাৱিক জীৱন যাত্রা ব্যাহত হৈ আছে৷ শেহতীয়াকৈ ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ উন্নতি ঘটাৰ লগতে সকলোৱে ভেকচিন লোৱাৰ পৰিপ্রেক্ষিতত মহামাৰীৰ সংক্রমণ প্রতিৰোধকল্পে আৰোপিত সকলো বাধা–নিষেধ ৰাজ্য চৰকাৰে প্রত্যাহাৰ কৰি পূর্বৰ দৰে স্বাভাৱিক জীৱন যাত্রা ওভতাই আনিব বিচাৰিছে৷
সেই অনুসৰি অহা ১৫ ফেব্রুৱাৰীৰ পৰা ৰাজ্যখনত ক’ভিড সম্পর্কীয় সকলো বাধা–নিষেধ প্রত্যাহাৰ কৰা হ’ব৷ নাথাকিব কোনোধৰণৰ নৈশ সান্ধ্য আইন৷ আজি জনতা ভৱনত সংবাদ মেলখনত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে অসমত ক’ভিড সম্পর্কীয় যিমান বাধা–নিষেধ আছে অহা ১৫ ফেব্রুৱাৰীৰ পৰা সকলো প্রত্যাহাৰ কৰা হ’ব৷
মাস্ক পৰিধান আৰু ছেনিটাইজাৰ ব্যৱহাৰৰ বাহিৰে কোনো বাধা–নিষেধ নাথাকিব৷ সকলো স্তৰৰ শিক্ষানুষ্ঠান খোলাৰ লগতে চিনেমা গৃহ, শ্বপিং মল আদি খোলা হ’ব৷ মেট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীর্ণ হ’বলগীয়া পৰীক্ষার্থীসকলৰ ক্ষেত্রত দুয়োপালি ক’ভিড ভেকচিন বাধ্যতামূলক বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে এই সম্পর্কত ছেবা আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে সময়ত নির্দেশনা প্রকাশ কৰিব৷ সেয়ে তেওঁ মেট্রিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীর্ণ হ’বলগীয়া ছাত্র–ছাত্রীসকলক এতিয়াৰ পৰাই ক’ভিড ভেকচিন লোৱাৰ আহ্বান জনাই কয় যে তেতিয়াহ’লে পৰীক্ষা অনুষ্ঠিত হোৱাৰ পূর্বে সকলো পৰীক্ষার্থীৰে ক’ভিডৰ দুয়োপালি ভেকচিনৰ ড’জ সম্পূর্ণ হ’ব৷
সেইদৰে চিনেমা গৃহলৈ অহা দর্শনার্থীসকলেও দুয়ো পালি ভেকচিন লোৱা হ’ব লাগিব বুলি মুখ্যমন্ত্রী ড০ শর্মাই স্পষ্ট কৰি দিয়ে৷ অনুৰূপ ধৰণে সভা–সমিতিলৈ অহা সকলো লোক দুয়োপালি ভেকচিন লোৱা হ’ব লাগিব৷
বিয়া–সবাহৰ ক্ষেত্রত গোটেই ৰাতি ৰাইজ উপস্থিত থাকিব পাৰিব যদিও সকলোৱে ক’ভিডৰ দুয়োপালি ভেকচিন লোৱা লোক হ’ব লাগিব৷
মুখ্যমন্ত্রী ড০ শর্মাই লগতে কয় যে বর্তমান গুৱাহাটীৰ ক’ভিড হাস্পতালত এজনো ক’ভিড ৰোগী নাই৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত বর্তমান ৫০জনৰ তলত ক’ভিড ৰোগী আছে৷
কভিডৰ সংক্ৰমণ কমাৰ পৰিপ্ৰেক্ষিতত ১৫ ফেব্রুৱাৰীৰ পৰা ৰাজ্যখনত ক’ভিড সংক্রান্তীয় সকলো বাধা–নিষেধ প্রত্যাহাৰ কৰি স্বাভাৱিক জীৱন যাত্রা ওভতাই আনিব বিচাৰিছে বুলি তেওঁ উল্লেখ কৰে৷