দাতাসকলক চান্দা নিদিবলৈ আহ্বান ভৱেশ কলিতাৰ
চান্দা অপসংস্কৃতিৰ পৰা অসমক ৰক্ষা কৰিবলৈ মুখ্যমন্ত্ৰীৰ প্ৰশংসনীয় পদক্ষেপ - পবিত্ৰ মাৰ্ঘেৰিটা
নিয়মীয়া বাৰ্তা , ৮ ফেব্ৰুৱাৰী: ৰাজ্য চৰকাৰে চান্দা সংস্কৃতি বন্ধ কৰিবলৈ শেহতীয়াভাৱে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনাইছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । চান্দা সংস্কৃতি বন্ধৰ পোষকতা কৰি কলিতাই কয় যে বিজেপি দলে চান্দা সংস্কৃতিক কেতিয়াও অগ্ৰাধিকাৰ নিদিয়ে । যদি আমি স্বভিমানী জাতি হয় ,স্বভিমানী অসমীয়া হয় , অসম চৰকাৰো স্বভিমানী হয় । চান্দা সংস্কৃতিয়ে অসমৰ উন্নয়নত ব্যাঘ্যাত জন্মাইছে বুলি সদৰী কৰি কলিতাই লগতে কয় যে কিছুমান সংগঠনে মাহেকীয়াভাৱে চান্দা সংগ্ৰহ কৰা কাৰ্য বন্ধ কৰিব লাগে । দাতাসকলক অনাগত দিনত ধন নিদিবলৈ আহ্বান জনাই তাৰ বাবে হয়তো আইন প্ৰণয়ন কৰা হব বুলিও তেওঁ দোহাৰে ।
ইফালে চান্দা সংস্কৃতি ৰোধৰ ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ গ্ৰহণ কৰা পদক্ষেপৰ ক্ষেত্ৰত বিজেপিৰ মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই কয় যে মুখ্যমন্ত্ৰীয়ে চান্দা অপসংস্কৃতিৰ পৰা অসমক ৰক্ষা কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে । একাংশই চান্দাৰ জৰিয়তে নিজৰ জীৱন-যাপনৰ পথ হিচাপে লৈছে । সেই পথটোৰ বিপক্ষে ৰাইজে আগৰে পৰা মাত মাতি আহিছে । মুখ্যমন্ত্ৰীয়ে অসমবাসীৰ আহ্বানৰ প্ৰতি সন্মান জনাই গ্ৰহণ কৰা পদক্ষেপক শদিয়াৰ পৰা ধুবুৰীলৈ উদযাপন সমিতি সমূহে আদৰণি জনাইছে । বলপূৰ্বকভাৱে ধন দাবী কৰা ব্যৱস্থাৰ পৰা আঁতৰি আহি নিজৰ জাতিটোৰ মৰ্যদা অক্ষুন্ন ৰাখিবলৈ আহ্বান জনাই মুখপাত্ৰ গৰাকীয়ে ।
প্ৰেৰক ফাৰুক হুছেইন