নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বৰহোলাত জোতাৰ দোকানত পিষ্টল, গুলী উদ্ধাৰ

নিয়মীয়া বার্তা, ২১ জানুৱাৰীঃ যোৰহাট জিলাৰ আৰক্ষী অধীক্ষকৰ নেতৃত্বত অহা আৰক্ষীৰ এটা দলে সোমবাৰে বৰহোলা চাৰিআলিৰ এখন জোতাৰ দোকানত অভিযান চলাই পিষ্টল আৰু ২৭ জাঁই গুলী উদ্ধাৰ কৰা ঘটনাই সমগ্র অঞ্চলটোত চাঞ্চল্য সৃষ্টি কৰিছে ৷ বিশেষ সূত্রৰ খবৰৰ ভিত্তিত সোমবাৰে পুৱা আৰক্ষীয়ে বৰহোলাৰ জোতা ব্যৱসায়ী বাইজু কুমাৰ শ্বাহৰ দোকানত অভিযান চলায় চন্দন ফুকন নামৰ যুৱকজনে লুকাই ৰখা মাৰণাস্ত্রটো গুলীসহ জব্দ কৰে ৷ বৰহোলা আৰক্ষীয়ে চন্দন ফুকন আৰু বাইজু শ্বাহক অবৈধ মাৰণাস্ত্র সৰবৰাহ প্রতিৰোধ আইনৰ অধীনত গোচৰ পঞ্জীয়ন কৰি সোমবাৰে দিনৰ ভাগত আদালতত হাজিৰ কৰোৱাৰ লগতে দুয়োকে লৈ তদন্ত অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে বৰহোলা অঞ্চলত দীর্ঘদিনৰ পৰা একাংশ ড্রাগছ আসক্ত যুৱকে নাগালেণ্ডৰ পৰা অবৈধ মাৰণাস্ত্র আনি ৰমৰমীয়া ব্যৱসায় চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷

You might also like