সমাজত শান্তি প্ৰতিষ্ঠাৰ লক্ষ্যৰে চাইকেলেৰে মাজুলীলৈ যাত্ৰা বৈঠালাংছʼৰ যুৱক হেমন্ত কুমাৰ নাথৰ
নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰী – সাম্প্ৰতিক সময়ত সমাজত অব্যাহত থকা হত্যা,হিংসা, লুন্ঠন,সমাজৰ অপ্ৰীতিকৰ পৰিস্থিতিত অতিষ্ঠ হৈ সমাজত শান্তি প্ৰতিষ্ঠা লক্ষ্যৰে বৈঠালাংছʼৰ পৰা মাজুলীলৈ চাইকেলেৰে যাত্ৰা কৰিছে বৈঠালাংছʼৰ বৰপথাৰ গাঁৱৰ এজন উদীয়মান যুৱক হেমন্ত কুমাৰ নাথে । পশ্চিম কাৰ্বি আংলং জিলাৰ বৈঠালাংছʼৰ এটি দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰা যুৱক হেমন্ত কুমাৰ নাথে আজি দিনৰ ১১ বজাত চাইকেলেৰে অকলেই মাজুলীলৈ যাত্ৰা কৰিছে । যুৱকজনৰ এই যাত্ৰাৰ সময়ত বৈঠালাংছʼৰ মাইচাম পাঁচ আলি যুৱ সমাজ, ভানু সাংস্কৃতিক সংঘ, বৈঠালাংছʼ সাংবাদিকৰ উপৰি বিভিন্ন সামাজিক সংগঠনে শুভেচ্ছা জ্ঞাপন কৰে । উল্লেখযোগ্য যে, এই যাত্ৰাৰ পথত যুৱকজনে বিভিন্ন স্থানত সামাজিক সংগঠনসমূহৰ সৈতে মিলিত হৈ সমাজত শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কেনেকৈ আগবাঢ়িব পাৰি, এই সন্দৰ্ভত আলোচনা কৰিব বুলি প্ৰকাশ কৰে । ইফালে হেঁপাহ নামৰ নামৰ এটা ইউটিউব চেনেলত বিভিন্ন দিশৰ ইতিবাচক বিষয়বস্তু সম্বলিত ভিডিঅʼ আপলʼড কৰি জনপ্ৰিয় হোৱা হেমন্ত কুমাৰ নাথৰ চাইকেলেৰে মাজুলীলৈ যাত্ৰা কৰা কাৰ্যক সকলোৱে প্ৰশংসা কৰিছে ।
প্ৰেৰক হেমন্ত কুমাৰ নাথ