ক’ভিড শেষ হোৱা নাই, নতুন ৰূপ আহি আছে
একেটা ভাইৰাছে বিগত দুবছৰ ধৰি ত্রস্তমান কৰি ৰাখিছে সমগ্ৰ বিশ্বক। কিন্তু ইয়াৰ পাছতো নিস্তাৰ নাই। ক’ভিডৰ নতুন প্ৰকৰণ বা ভেৰিয়েন্ট আকৌ আহি আছে। এই সতর্কবাণী বিশ্ব স্বাস্থ্য সংস্থা তথা হুৰ। হুৰ মুখ্য গৱেষক সৌম্য স্বামীনাথনে কৈছে- এতিয়াও ক’ভিড অতিমাৰী শেষ হোৱা নাই। ক’ভিডৰ আৰু নতুন ৰূপ আহিব পাৰে। গৱেষকে কৰোনা ভাইৰাছ বিবর্তিত হোৱা দেখিছে, পৰিৱর্তিত হোৱা দেখিছে। গতিকে এই ভাইৰাছৰ আৰু ভয়ানক ৰূপ থাকিব পাৰে বুলিও ক’লে তেওঁ। ক’ভিডৰ নতুন ৰূপ তীব্র সংক্রামক অ’মিক্রনতকৈও শক্তিশালী তথা পৰিৱর্তিত ৰূপ আহিব পাৰে বুলিও আশংকা কৰিছে বিশেষজ্ঞসকলে। উল্লেখ্য যে, কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুসৰি, বৃহস্পতিবাৰলৈ ভাৰতত মুঠ টিকাকৰণ প্রায় ১৭২ কোটি হৈছে। কমিছে ক’ভিড আক্রান্তৰ সংখ্যা।