নগাঁৱত জল জীৱন আঁচনি হৈছেগৈ “ধন জন জীৱন”
প্ৰধানমন্ত্ৰীৰ সপোনৰ আচঁনিক ধ্বংসৰ আখৰাত নামিছে নগাঁও-কলিয়াবৰ জনস্বাস্থ্য বিভাগৰ একাংশ কৰ্মচাৰী
নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰীঃ- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন একাংশই বিডিঅ, অভিযন্তাই অধিক দুৰ্নীতিৰে নিজৰ প্ৰতিপত্তি বিস্তাৰৰ বাবে মিঞা এলেকালৈ বেছিকৈ যাব বিচাৰে বুলি অলপতে মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰাৰ দৰেই এখন ছৱি পোহৰলৈ আহিছে ৰূপহীহাটৰ লাওখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত মাগুৰমাৰী পঞ্চায়তত । কাগজে-কলমে আচঁনি ৰূপায়ণ কৰি ফটো তুলিবলৈ পঞ্চায়তখনত আচহুৱা ধৰণে কাম কৰিছে বিষয়া-ঠিকাদাৰে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিজন নাগৰিকৰ ঘৰলৈ বিশুদ্ধ পানী যোগান ধৰিবলৈ হাতত লোৱা কোটিটকীয়া জলজীৱন মিছন ৰূপায়ণ কৰিবলৈ গৈ ৰাস্তাৰ কাষতে লুন্ঠনকামী ঠিকাদৰে ৩ ইঞ্চি ব্যৱধানত ৫খনকৈ নল সংযোগ কৰিছে । অকল এয়াই নহয় ভিতৰুৱা গাঁওখনৰ সহজ-সৰল লোকৰ অজ্ঞানতাৰ সুযোগ লৈ পথাৰৰ মাজত, হাবি-জংঘলতো পানীৰ পাইপ স্থাপন কৰি থৈ যোৱা পৰিলক্ষিত হৈছে । যাৰ ফলত অভিলাষী আঁচনিখন বগাহাতীত পৰিণত হৈছে। উল্লেখ্য যে ঘৰে ঘৰে নল সংযোগ কৰাৰ নীতিৰ বিপৰীতে ৰাস্তাৰ কাষতে একেটা খুঁটাতে একাধিক নল স্থাপন কৰিছে। ফলস্বৰূপে ৰাইজেও পানী সংগ্ৰহৰ কোনো সুবিধা নাই । এই সন্দৰ্ভত স্থানীয় একাংশ সচেতন ৰাইজ স্তম্ভিত হোৱাৰ লগতে ঠিকাদাৰ, কামৰ নিৰীক্ষণৰ দায়িত্বত থকা অভিযন্তা আদিৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে । আঁচনি ৰূপায়ণৰ নীতি-নিয়ম ধোঁৱাচাঙত তুলি কলিয়াবৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত লাওখোৱাৰ অন্য পঞ্চায়ততো একে ধৰণেই কাম কৰা দেখা গৈছে । নগাঁও, কলিয়াবৰ জনস্বাস্থ্য বিভাগৰ সংশ্লীষ্ট বিষয়া-কৰ্মচাৰীয়ে মোটা অংকৰ কমিছন লৈ ব্যয় বহুল আঁচনিখন ধ্বংস কৰাৰ অভিযোগ উঠিছে । পঞ্চায়ত খনত ৰূপায়ণ হোৱা আঁচনিৰ কামৰ ক্ষেত্তভিত্তিক তদন্ত হলে কোটি কোটি টকাৰ দুৰ্নীতি আৰু বহু বিষয়া-কৰ্মচাৰীৰ মুখা খোল খোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । সংশ্লিষ্ট বিভাগৰ মন্ত্ৰী আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জল জীৱন মিছন আঁচনিত সংঘটিত বিয়াগোম দুৰ্নীতিৰ তদন্ত কৰিবলৈ কি ব্যৱস্থা লয় সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব ।
প্ৰেৰক জহিৰুল ইছলাম