নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰৰ জনতা কলেজত গ্ৰন্থ উন্মোচনী-কবিতা আবৃত্তি অনুষ্ঠান

নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰী :-কোকৰাঝাৰ জিলাৰ অন্তৰ্গত জনতা কলেজত  বড়ো বিভাগৰ উদ্যোগত আজি অষ্টমসংখ্যক ‘লাইমন বিথৌও’ নামৰ গ্ৰন্থৰ উন্মোচন সভা  আৰু কবিতা আবৃত্তি অনুষ্ঠানত সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত বিশিষ্ট সাহিত্যিক জনিল কুমাৰ ব্ৰহ্ম উপস্থিত থাকি সভাখনৰ সৌষ্ঠৱ বৰ্ধন কৰে। জনতা মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ সুবুং বসুমতাৰীৰ উপস্থিতিত আৰু জনতা কলেজৰ বড়ো বিভাগৰ মুৰব্বী অধ্যাপক ড০ আদাৰাম বসুমাতাৰীয়ে আঁত ধৰা সাহিত্যি চৰ্চাৰ সভাখনত বড়ো বিভাগৰ প্ৰচেষ্টাত সম্পাদনা কৰা ৮ম সংখ্যক লাইমন নামৰ গ্ৰন্থ খন উন্মোচন বিশিষ্ট সাহিত্যিক জনিল কুমাৰ ব্ৰহ্মই ।

এই উপলক্ষে সাহিত্য অকাডেমি বঁটা প্ৰাপ্ত বিশিষ্ট সাহিত্যিক জনিল কুমাৰ ব্ৰহ্মৰ বড়ো সাহিত্যৰ বিভিন্ন ৰসাল উদ্ধতিৰে এক তত্ত্বগধুৰ মনোগ্ৰাহী বক্তব্য আগবঢ়ায় । অনুষ্ঠানত জনতা কলেজৰ বড়ো বিভাগৰ মুৰব্বী অধ্যাপক ডঃ আদাৰাম বসুমতাৰীয়ে স্বৰচিত কবিতা আৰু বড়ো সাহিত্যৰ বিভিন্ন পাঠ বক্তৃতাৰ মাজেদি উপস্থাপন কৰি সকলোকে আপ্লুত কৰে।এই অনুষ্ঠানত বড়ো বিভাগৰ অধ্যাপক ডঃ মিহিৰ কুমাৰ ব্ৰহ্ম, অধ্যাপক বিন্দু  বসুমতাৰী, ইংৰাজী বিভাগৰ মূৰব্বী অধ্যাপক ড০ নয়নজ্যোতি দাস আৰু মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে কবিতা আবৃত্তি কৰি উপস্থিত থকা সকলোকে আকৰ্ষিত কৰে। অনুষ্ঠানত মহাবিদ্যালয়খনৰ বুৰঞ্জী বিভাগৰ ডঃ দাহাল খুংগুৰ নাৰ্জাৰী, বুৰঞ্জী বিভাগৰ অধ্যাপক প্ৰদীপ বসুমতাৰী, আন আন অধ্যাপক-অধ্যাপিকাৰ লগতে মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে ।
প্ৰেৰক পাৰ্থ সাৰথি চক্ৰৱৰ্তী

You might also like