নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ

নিয়মীয়া বাৰ্তা, ১৬ ফেব্ৰুৱাৰীঃ মৰিয়নিৰ মাজেদি অবৈধভাৱে নাগালেণ্ডলৈ সুৰা সৰবৰাহ হৈ অহাতো সৰ্বজনবিদিত । মাজে মাজে মৰিয়নিৰ আৰক্ষীৰ বিৰুদ্ধেও অভিযোগৰ আঙুলি উঠি আহিছে । কিন্তু এইবাৰ মৰিয়নিৰ আৰক্ষীয়ে এনে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে । আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অনুপম গোৱালাই অভিযান চলাই বহুসংখ্যক বিদেশী সুৰাৰ বটল জব্দ কৰিবলৈ সক্ষম হয় । এই সন্দৰ্ভত জানিব পৰা মতে, এ এছ – ০৩ ডব্লিউ ৪৩১১ নম্বৰৰ এখন মাৰুতি ভেনত ২৫ কাৰ্টন বিদেশী সুৰা মৰিয়নিৰ পৰা নগালেণ্ডৰ মোককচাঙলৈ বুলি নি আছিল । সেই বিষয়ে জানিব পাৰি মৰিয়নিৰ আৰক্ষীয়ে অভিযান চলাই গাড়ীখনৰ উক্ত সুৰাখিনি জব্দ কৰিবলৈ সক্ষম হয় । আৰক্ষীয়ে বাহনখনৰ চালক বীৰবল পেগুক আটক কৰাৰ লগতে বাহনখনো জব্দ কৰে । আৰক্ষীয়ে বাহনখনৰ পৰা ১১ কাৰ্টন মেকডুৱেল ৰাম, ১০ কাৰ্টন কিংফিছাৰ বিয়েৰ, তিনি কাৰ্টন এচি ব্লেক আৰু তিনি কাৰ্টন অফিচাৰ চ’ইচ জব্দ কৰে । জব্দ কৰা অৱৈধ সুৰাখিনিৰ মূল্য প্ৰায় ৫০ হাজাৰ টকা হব বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত মৰিয়নি আৰক্ষীৰ সূত্ৰই জানিবলৈ দিয়া মতে, মৰিয়নিৰ মাজেদি দীৰ্ঘদিন ধৰি অবৈধভাৱে অৰুণাচলী সুৰাৰ সৰবৰাহ হৈ আহিছে । এক প্ৰভাৱশালী চক্ৰই এই কাৰ্য্য নিয়ন্ত্ৰণ কৰি অহা বুলিও সূত্ৰটোৱে লগতে জানিবলৈ দিয়ে । এই চক্ৰটোৱে যোৰহাট, হালোৱাটিং আদি ঠাইৰ পৰা নিয়মিতভাৱে অবৈধ অৰুণাচলী সুৰা মৰিয়নিৰ মাজেৰে নাগালেণ্ডলৈ সৰবৰাহ কৰি আহিছে । উল্লেখ্য যে মৰিয়নি নগৰৰ গান্ধী নগৰ, এন এছ টি, নিউ সোনোৱালৰ কাষৰীয়া অঞ্চলত ঘাটি স্থাপন কৰি দৈনিক বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা নাগালেণ্ডলৈ সৰবৰাহ কৰি অহা এই চক্ৰটোক উৎখাত কৰিবলৈ ৰাইজে অসম চৰকাৰৰ লগতে আৰক্ষীৰ প্ৰতি আহ্বান জনাইছে ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like