ৱেষ্ট ইণ্ডিজৰে আজি অন্তিম টি–২০
নিয়মীয়া বাৰ্তা, ২০ ফেব্ৰুৱাৰীঃ ক্রমাগত দ্বিতীয় জয়েৰে ইতিমধ্যে শৃংখলা দখল কৰা টীম ইণ্ডিয়াই আজি ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে তৃতীয় তথা অন্তিমখন টি–২০ খেলিব৷ কলকাতাৰ ইডেন গার্ডেনত অনুষ্ঠিত হ’বলগীয়া মেচখনত ৰোহিত শর্মা নেতৃত্বাধীন ঘৰুৱা দলটোৱে সুযোগৰ সন্ধানত থকা নৱাগত খেলুৱৈসকলক মূল একাদশত অন্তর্ভুক্ত কৰিব৷ প্রাক্তন অধিনায়ক বিৰাট কোহলি আৰু তাৰকা উইকেটৰক্ষক ঋষভ পণ্টক ১০ দিনৰ বিশ্রাম দিয়াত আজিৰ মেচখনত শ্রেয়াছ আয়াৰ আৰু ৰিতুৰাজ গাইকোৱাডে সুযোগ পোৱাটো একপ্রকাৰ নিশ্চিত৷
লোকেশ ৰাহুলৰ অনুপস্থিতিত ঈশান কিশনক প্রথম দুখন টি–২০ত ইনিংছ মুকলি কৰাৰ সুযোগ দিয়া হয় যদিও আক্রমণাত্মক বেটছমেনগৰাকীয়ে অ’পেনাৰৰ ৰূপত কোনো প্রভাৱ বিস্তাৰ কৰিব নোৱাৰিলে৷ সেয়ে অন্তিম টি–২০ত কিশনৰ স্থানত প্রতিভাৱান বাঁওহতীয়া অ’পেনাৰ গাইকোৱাডে টীম ইণ্ডিয়াৰ ইনিংছ মুকলি কৰাৰ সম্ভাৱনা আছে৷ একেদৰে কোহলিৰ অনুপস্থিতিত তাৰকা বেটছমেন শ্রেয়াছ আয়াৰে ঘৰুৱা দলটোৰ মিডল অর্ডাৰৰ দায়িত্ব চম্ভালিব৷ সূর্যকুমাৰ যাদৱ আৰু ভেংকটেশ আয়াৰে তেওঁক মিডল অর্ডাৰত সহযোগ কৰিব৷ প্রতিভাৱান অলৰাউণ্ডাৰ দীপক হুদায়ো আজি মূল একাদশত স্থান পোৱাৰ সম্ভাৱনা আছে৷
ইফালে ভুবনেশ্বৰ কুমাৰ আৰু হর্ষল পেটেলৰ সৈতে আজিৰ মেচখনত নৱাগত বেগী বলাৰ আভেছ খানে সুযোগ পাব পাৰে৷ ইফালে ঘৰৰ মাটিত ইংলেণ্ডক হৰুৱাই ভাৰতলৈ অহা ৱেষ্ট ইণ্ডিজে এই ভ্রমণত প্রথমটো জয়ৰ লক্ষ্যৰে খেলপথাৰত নামিব৷ এদিনীয়া শৃংখলাত হোৱাইট ৱাশ্বৰ সন্মুখীন হোৱাৰ পিছত দলটোৱে ইতিমধ্যে টি–২০ শৃংখলাও হেৰুৱাইছে৷
খেলৰ সময়: সন্ধিয়া ৭ বজা