নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জীৱনসংগীৰ লগত বয়সৰ পাৰ্থক্য কিদৰে কমাব?

বহুতো চেলিব্ৰিটি আছে যাৰ প্ৰেমিকা বা পত্নী বয়সত তেওঁলোকতকৈ বহুত ডাঙৰ। যদিও সেই লোকসকলৰ বাবে ই গুৰুত্বপূৰ্ণ নহয়, কিন্তু সাধাৰণ জীৱনত, যদি ছোৱালী এজনীৰ বয়স লৰাতকৈ ডাঙৰ হয়, তেন্তে মানুহে বিভিন্ন কথা আলোচনা কৰে। প্ৰেমৰ বাবে বিবাহপাশত আৱদ্ধ হোৱাটো প্ৰয়োজনীয় নহয়, কিন্তু বহুসময়ত সমাজৰ হেঁচাত কথাবোৰ শেষ হ’বলৈ আৰম্ভ কৰে। যদি আপোনাৰ সংগীজন বয়সত আপোনাতকৈ ডাঙৰ হয়, তেনেহ’লে কিছুমান বিশেষ কথাৰ প্ৰতি যত্ন ল’ব লাগে, তেতিয়া সদায়ে আপোনাৰ প্ৰেম তিষ্ঠি থাকিব।

মানসিকভাৱে সাজু থাকিব – যদি আপুনি আপোনাৰ সম্পৰ্কটো আনুষ্ঠানিক কৰাৰ কথা ভাবি আছে, তেন্তে আপোনালোক দুয়োগৰাকীয়ে মানসিকভাৱে কিছুমান কথা শুনিবলৈ সাজু থাকিব লাগে। ইয়াৰ বাহিৰেও, এয়া হ’ব পাৰে যে বয়সৰ পাৰ্থক্যৰ বাবে, আপুনি কিছুমান বস্তুত অসুবিধা অনুভৱ কৰে, সেয়েহে ইয়াৰ বিষয়ে আগতীয়াকৈ কথা পাতক। ইজনে সিজনৰ পৰা কি আশা কৰে, যদি দুয়োজনে এই বিষয়ে কথা পাতে তেন্তে কেতিয়াও বয়সৰ পাৰ্থক্য আপোনালোকৰ প্ৰেমৰ মাজত নাহে।

অত্যাধিক আশা নকৰিব – যদি আপোনাৰ সংগী আপোনাতকৈ ডাঙৰ হয়, তেতিয়া তেওঁৰ পৰাই সকলো আশা কৰা উচিত নহয়। তেওঁ ডাঙৰ হ’ব পাৰে, কিন্তু আপোনাৰ পৰা তেওঁ একেই আচৰণ বিচাৰে। সেইবাবে বয়সক স্কেলত নুজুখিব, কেৱল আপোনাৰ দায়িত্ব পালন কৰক।

বেলেগ বেলেগ পচন্দ – বয়সৰ পাৰ্থক্যৰ বাবে, আপোনালোক দুয়োৰে পছন্দো পৃথক হ’ব পাৰে। ধৰি লওঁক আপুনি ডিস্কো, নাইট ক্লাবলৈ যাবলৈ ভাল পায়, কিন্তু আপোনাৰ সংগীয়ে সেয়া ভাল নাপায়, তেতিয়া আপুনি সম্পৰ্কত পছন্দৰ এই পাৰ্থক্যটোও গ্ৰহণ কৰিব লাগিব।

You might also like