নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাবালিকাৰ ৰহস্যজনক আত্মহত্যাক লৈ শুৱালকুছিত ৰাইজমেল

নিয়মীয়া বাৰ্তা, 22 ফেব্ৰুৱাৰীঃ এক অনাকাংক্ষিত পৰিস্থিতিৰ বাবে ২০ ফেব্ৰুৱাৰীৰ নিশা এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীয়ে আত্মহত্যা কৰিবলৈ বাধ্য হোৱাৰ ঘটনাক সহজভাৱে লব পৰা নাই স্থানীয় ৰাইজে ৷ আজি ইয়াৰ প্ৰতিবাদত অঞ্চলটোৰ ৰাইজ একত্ৰিত হৈ এখন ৰাইজ মেল অনুষ্ঠিত কৰে ৷ কলিতা মন্দিৰ কৰ্মী সংঘ আৰু যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত ৰাইজমেল পৰিচালনা কৰে অনুষ্ঠানটিৰ সভাপতি পৰমানন্দ কলিতাই ৷

সভাত ১৩ বছৰীয়া ছাত্ৰীগৰাকীয়ে কি পৰিস্থিতিৰ বাবে আত্মহত্যাৰ পথ বাছি লবলৈ বাধ্য হল সেই সন্দৰ্ভত কেইবাজনো স্থানীয় যুৱকে নিজৰ নিজৰ বক্তব্যত দাঙি ধৰে ৷ ৰাইজমেলত একেখন বিদ্যালয়তে অধ্যয়ন কৰা ছাত্ৰীগৰাকীৰ কেইবাগৰাকী সহপাঠীয়ে নিজৰ নিজৰ বক্তব্যত ছাত্ৰীগৰাকীক পিতৃয়ে কৰা মানসিক নিৰ্যাতনৰ বিষয়ে উল্লেখ কৰে ৷

আত্মহত্যাৰ কেইঘণ্টামান আগতে ছাত্ৰীগৰাকীক তেওঁৰ বান্ধৱীৰ ঘৰৰ পৰা পিতৃয়ে অশ্লীল ভাষাৰে গালি গালাজ কৰি পথতে মাৰধৰ কৰি ঘৰলৈ আনে ৷ ৰাজপথত গালি পাৰি থকা কাৰ্যত ছাত্ৰীগৰাকী বহুত অপমানিত হয় আৰু দেউতাকক হাতযোৰ কৰি ৰাজপথত গালি পাৰিবলৈ হকাবাধা কৰি ঘৰত গৈ যি কৰে কৰিব বুলি অনুৰোধ কৰে ৷ কিন্ত পাষণ্ড পিতৃয়ে জীয়ৰিৰ কোনো কথাই মানিবলৈ অমান্তি হৈ ঘৰ পোৱালৈকে গোটেই পথটোতে গালি পাৰি অহা বুলি বান্ধৱীগৰাকীয়ে সভাত অৱগত কৰি আৱেগিক হৈ পৰে ৷

আন কেইবাগৰাকী বান্ধৱীয়েও ছাত্ৰীগৰাকীক পিতৃয়ে মাজে-সময়ে মাৰধৰ কৰে বুলি তেওঁলোকক ক্লাছত অৱগত কৰে বুলি কয় ৷ উপস্থিত কেইবাজনো বক্তাই পূৰ্বতে পত্নীকো হত্যা কৰাৰ অভিযোগত কিছুদিন নৱ কলিতাই জেল খাটিবলগীয়া হোৱা বুলি কয় ৷ উপযুক্ত প্ৰমাণৰ অভাৱতে জেলৰ পৰা তেওঁ মুক্ত হয় ৷

বিকৃত মানসিকতাৰ নৱ কলিতাৰ এই কাৰ্যত দ্বিতীয় পক্ষৰ সমৰ্থন থকাৰ কথাও কেইবাজনে উল্লেখ কৰে৷ ৰাইজমেলত সকলো দিশ চালিজাৰি চাই ছাত্ৰীগৰাকীৰ ৰহস্যজনক আত্মহত্যাৰ এক ন্যায়িক তদন্ত বিচাৰি শুৱালকুছি থানাত স্থানীয় ৰাইজে এখন এজাহাৰ দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰে ৷ লগতে এই ঘটনাত জড়িতক এক দৃষ্টান্তমূলক শাস্তি বিহাৰ বাবেও ৰাইজে আৰক্ষী প্ৰশাসনক দাবী জনায় ৷

প্ৰেৰক দিলীপ মেধি

You might also like