নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ মাত্ৰ এগৰাকী মহিলাই কোৱা ভাষাটো

বিশেষ বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ অলপতে সকলোৱে আন্তঃৰ্জাতিক মাতৃভাষা দিৱস পালন কৰিলে। আপুনি জানি আচৰিত হ’ব যে পৃথিৱীত এনেকুৱা এটা ভাষা আছে যিটো এগৰাকী মহিলাৰ বাহিৰে আন কোনেও নাজানে। আৰু এই মহিলাগৰাকীৰ মৃত্যুৰ লগে লগে এই ভাষাটিও পৃথিৱীৰ পৰা বিলুপ্ত হৈ পৰিব। ক্রিষ্টিনা কেল্ডেৰন নামৰ মহিলাগৰাকীয়ে আদিবাসী ইয়াগান সম্প্রদায়ৰ ইয়ামানা ভাষা আয়ত্ব কৰিছিল। সেই ভাষাটো এতিয়া বিলুপ্ত হোৱাৰ পথত। ২০০৩ চনত তেওঁৰ ভগ্নীৰ মৃত্যুৰ পাছত তেঁৱে বিশ্বৰ শেষগৰাকী ব্যক্তি যিয়ে এই ভাষাটো ক’ব পাৰে। ভাষাটোকে জীয়াই ৰাখিবলৈ ক্রিষ্টিনাই এখন অভিধানো তৈয়াৰ কৰিছে। অভিধানখন স্পেনিছ সহ অন্যান্য কেবাটাও ভাষাত অনুবাদ কৰা হৈছে। অভিধান থাকিলেও এই ভাষা কোৱা মানুহ কিন্তু নাই। ক্রিষ্টিনাৰ কন্যাই নিজেও স্বীকাৰ কৰিছে যে তেওঁৰ মাকৰ মৃত্যুৰ লগে লগে ইয়ামানা ভাষা তথা সংস্কৃতি হেৰাই যাব। দক্ষিণ চিলিৰ এই ভাষা একেবাৰেই অল্পশ্রুত। যদিও ইয়াগান সম্প্রদায়ৰ বহু লোক বাচি আছে, কিন্তু তেওঁলোক কোনেও মাতৃভাষা নকয়। ৰাষ্ট্রসংঘৰ ইতিহাস ঐতিহ্য সংস্থা ইউনেস্কোৰ মতে, বিশ্বৰ পৰা প্রতি দুই সপ্তাহত হেৰুৱাই গৈছে একোটাকৈ ভাষা।

You might also like