নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম কৃষি বিশ্ববিদ্যালয় ছাত্র-ছাত্ৰীৰ আন্তৰ্জাতিক মাতৃভাষা দিৱস উদযাপন

 বিশেষ বাৰ্তা, ২৩ ফেব্ৰুৱাৰীঃ কৃষি বিজ্ঞান কেন্দ্ৰ ,নগাঁও আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ অষ্টম ষাণ্মাসিকৰ ছাত্ৰ-ছাত্ৰী (গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি, RAWEP) উদ্যোগত শেনচোৱা অমৰ বৰকাকটি উচ্চ মাধ্যমিক বিদ্যালয়, নগাঁৱত “আন্তৰ্জাতিক মাতৃভাষা দিৱস” উদযাপন কৰা হয়। এই উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। মাতৃভাষাৰ জৰিয়তে যিসকল স্বনামধন্য ব্যক্তিয়ে তেওঁলোকৰ কালজয়ী সাহিত্য সৃষ্টিৰাজিৰে অসমীয়া সাহিত্য ভঁৰাল চহকী আৰু অসমীয়াক গৌৰৱান্বিত কৰি থৈ গ’ল তেনে মহান মনীষীসকলৰ প্ৰতি আৰম্ভণিতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।

কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে পৰিবেশন কৰা মিত্ৰদেৱ মহন্তৰ ৰচিত ‘চিৰ চেনেহী মোৰ ভাষা জননী’ গীতেৰে কাৰ্যসূচী আৰম্ভ কৰা হয়। বিদ্যালয়ৰ প্ৰধান শিক্ষয়ত্ৰী ইৰিণা দেৱী আৰু বিদ্যালয়ৰ শিক্ষাগুৰুসকলক ছাত্র-ছাত্ৰীসকলে এখনি ফুলাম গামোচাৰে সম্ভাষণ জনায়। প্ৰধান শিক্ষয়ত্ৰী দেৱীয়ে আৰম্ভণি ভাষণত কয় যে জন্মৰ পিছৰে পৰা আমি দৈনন্দিন জীৱনত আইৰ মুখত যি মাত শুনো, যি মাত শুনিলে আমাৰ মন বিমল সুখ-শান্তিৰে ভৰি পৰে সেই ভাষাই হৈছে মাতৃভাষা ৷ মাতৃভাষা এটা জাতিৰ জীৱনী শক্তিৰ প্ৰতীক ৷প্ৰতিজন লোকেই নিজৰ মাতৃভাষাক ভালপোৱাৰ লগতে মাতৃভাষাৰ চৰ্চা কৰা উচিত বুলিও তেওঁ মন্তব্য কৰে ।

তেওঁ লগতে কয়- যিদৰে নিজৰ আইক ভালপাঁ‌ওঁ বুলি কোৱা মানেই আনৰ আইক বেয়া পোৱাতো নুবুজাই একেদৰে নিজৰ মাতৃভাষাক ভালপাওঁ‌ বুলি কোৱাটোৱে আনৰ মাতৃভাষাৰ প্ৰতি অসন্মান কৰাতো নুবুজায় । ইয়াৰ পিছত অষ্টম ষাণ্মাসিকৰ ছাত্র সব্যসাচী দাসে মাতৃভাষা ৰ ওপৰত বক্তব্য দি কয়- এগৰাকী মাতৃয়ে জন্ম দিয়ে, দ্বিতীয় গৰাকীয়ে অৰ্থাৎ জন্মভূমিয়ে খেলা ধূলা বিচৰণ কৰিবলৈ আৰু সাংসাৰিক জীৱন ধাৰা চলাবলৈ স্থান দিয়ে আৰু তৃতীয় গৰাকীয়ে অৰ্থাৎ মাতৃভাষাই মনোবিচাৰ, মনোগত ভাব আনৰ আগত প্ৰকট কৰিবলৈ শক্তি দি মনুষ্য জীৱন সুখকৰ কৰি তোলে৷ ইয়াৰোপৰি বিশ্বব্যাপী ইংৰাজী ভাষাৰ আধিপত্য দেখি এই ভাষাটোৰ অতিকে গুণমুগ্ধ হৈ পৰি ইংৰাজী বেছি ভালকৈ শিকাৰ স্বাৰ্থত অসমীয়া ভাষা শিকাৰ বাবে একাংশ লোকৰ অনীহাৰ কথাও কয় ।

আমি একো একো জন দায়িত্বশীল অসমীয়া হিচাপে নিজৰ অসমীয়া ভাষাটোক শ্ৰদ্ধা আৰু সন্মান কৰাৰ লগতে শুদ্ধভাৱে প্ৰচাৰ কৰাটো আমাৰ সকলোৰে কৰ্তব্য বুলি কয় । “সুৱদী সুৰীয়া মোৰ অসমীয়া ভাষা জগতসভালৈ যাব,উজ্জ্বল, সুউজ্জ্বল কহিনুৰ পিন্ধি হাঁহি জ্যোতিৰূপা হব” উক্তিৰে তেওঁৰ বক্তব্য শেষ কৰে। ইয়াৰ পিছত অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে শেনচোৱা অমৰ বৰকাকটি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত কবিতা আবৃত্তি আৰু চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰে।দুটা শাখা ৰ ভিতৰত প্ৰতিযোগিতাখন আয়োজন কৰা হৈছিল। ক- শাখা প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম আৰু খ-শাখা ষষ্ঠ শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈকে আয়োজন কৰা হয়। বিজয়ী সকলক কিঞ্চিত উপহাৰৰে পুৰস্কৃত কৰি প্ৰতিযোগী সকলক উৎসাহিত কৰে। মাতৃভাষাই স্বাধীন চিন্তাৰ জন্ম দিব পাৰে ।

মাতৃভাষাৰ আয়ত্বৰ দ্বাৰাই নিজৰ বিবেকৰ দ্বাৰা পৰিচালিত হোৱাৰ সামৰ্থ্য লাভ কৰে। মাতৃভাষা সমাজ জীৱনৰ অত্যাৱশ্যকীয় অংগ। সৰুৰে পৰা মানুহৰ মাতৃভাষাৰ লগত সম্পৰ্ক।শিশু কালত মাতৃভাষা শিক্ষাৰ পৰা বঞ্চিত হলে মানসিক বিকাশ নহয় আৰু সমাজৰ লগত মিল খাব নোৱাৰে। গতিকে মানৱ জীৱনত মাতৃভাষাৰ গুৰুত্ব বুজাবলৈ আৰু মাতৃভাষাৰ বিকাশ আৰু প্ৰসাৰেৰে কিদৰে এখন সমাজ সমৃদ্ধিশালী কৰি তুলিব পাৰি তাৰ লগত সংগতি ৰাখি বিশ্ববিদ্যালয়ৰ ছাত্র-ছাত্ৰীসকলে মাতৃভাষাৰ ওপৰত বিভিন্ন ধৰণৰ শ্লোগানেৰে প্লে-কাৰ্ড প্ৰদৰ্শন কৰে। শেষত সকলোৱে জাতীয় সংগীত পৰিবেশন কৰি অনুষ্ঠানৰ সামৰণি হয় ।
প্ৰেৰক কনক হাজৰিকা

You might also like