কোনে কৰিলে ৫খন বিমান, হেলিকপ্টাৰ ধ্বংস, কোনে উৰুৱালে বিমান ঘাটি
বিশেষ বাৰ্তা, ২৪ফেব্ৰুৱাৰীঃ সকলো বাধা-নিষেধাজ্ঞা আওকাণ কৰি আজি পুৱাৰে পৰা ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত আক্ৰমণ আৰম্ভ কৰিছে। প্ৰত্যুত্তৰ দিবলৈ সাজু ইউক্ৰেইনী সেনায়ো আৰম্ভ কৰিছে প্ৰত্যাক্ৰমণ। যুদ্ধৰ শেহতীয়া খবৰ অনুসৰি, আমেৰিকা, ব্ৰিটেইন, ইউৰোপীয় সংঘ, জাৰ্মানী, পোলেণ্ড আদিৰ ৰাষ্ট্ৰপ্ৰধানৰ সৈতে বাৰ্তালাপ কৰাৰ পাছতে ইউক্ৰেইনী ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়ে কৈছে যে, দেশখনৰ বন্ধু ৰাষ্ট্ৰসমূহে পুটিন বিৰোধী ম’ৰ্চা তৈয়াৰ কৰিবলৈ লৈছে। ৰাছিয়াক শান্তি আনিবলৈ বিশ্বই বাধ্য কৰিব লাগিব। ইপিনে, দেশখনৰ ৰাজধানীকে ধৰি কেবাখনো চহৰ শক্তিশালী বিস্ফোৰণত কঁপি উঠাৰ সময়তে ইউক্ৰেইনী সামৰিক বাহিনীয়ে দাবী কৰিছে যে, তেওঁলোকে ৫খন ৰুছ বিমান আৰু এখন হেলিকপ্টাৰ ধ্বংস কৰিবলৈ সক্ষম হৈছে। আনহাতে, ৰুছ প্ৰশাসনে জনোৱা মতে, ৰাছিয়াই ইউক্ৰেইনৰ বিমান ঘাটি, বায়ু ৰক্ষাৰ ঘাটি উৰুৱাইছে।