পুটিনক কি বুজনি দিলে প্ৰধানমন্ত্ৰী মোদীয়ে
বিশেষ বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ যুদ্ধ আৰম্ভ হোৱাৰ পাছতে বৃহস্পতিবাৰে নিশা ৰুছ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ সৈতে টেলিফোনিক বাৰ্তালাপ হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। শীঘ্ৰেই হিংসা বন্ধ কৰিবলৈ আহ্বান জনালে তেওঁ। প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ পৰা অহা বিবৃতিত উল্লেখ কৰা হৈছে যে মোদীয়ে দুয়োপক্ষকে কূটনৈতিক আলোচনা চলাই সমস্যা সমাধা কৰিবলৈ কৈছে। একেদৰে ৰাছিয়া আৰু নাটোৰ মাজৰ সমস্যাও আলোচনাৰ মাধ্যমেৰে সমাধান কৰাত তেওঁ গুৰুত্ব আৰোপ কৰে। লগতে ইউক্ৰেইনত থকা ভাৰতীয় সকলক সুৰক্ষিত কৈ ওভোতাই অনা সন্দৰ্ভতো আলোচনা কৰে।