নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২৬ মার্চৰ পৰা ইণ্ডিয়ান প্রিমিয়াৰ লীগ

নিয়মীয়া বাৰ্তা,২৫ ফেব্ৰুৱাৰীঃ আগন্তুক আই পি এল অহা ২৬ মার্চৰ পৰা মহাৰাষ্ট্রৰ চাৰিখন ষ্টেডিয়ামত আৰম্ভ হ’ব৷ আই পি এলৰ গৱর্নিং কাউন্সিলৰ এক গুৰুত্বপূর্ণ বৈঠকত বৃহস্পতিবাৰে এই সিদ্ধান্ত গ্রহণ কৰা হয়৷ আই পি এলৰ অধ্যক্ষ ব্রীজেশ পেটেলে ঘোষণা কৰা অনুসৰি ২৬ মার্চত আৰম্ভ হৈ অহা ২৯ মে’ত বিচিচিআইৰ ঐশ্বর্যশালী টি–২০ লীগ আই পি এলৰ সামৰণি পৰিব৷ দহটা দলৰ অন্তর্ভুক্তিৰে এইবাৰ আই পি এলৰ মেচ ৭৪খনলৈ বৃদ্ধি হ’ব৷ ইয়াৰে ৫৫খন মুম্বাইত আৰু ১৫খন পুনেত অনুষ্ঠিত হ’ব৷ মেচসমূহ অনুষ্ঠিত হ’বলগীয়া ষ্টেডিয়ামসমূহ হ’ল– মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়াম, ব্রেব’ন ষ্টেডিয়াম, ডি ৱাই পাটিল ষ্টেডিয়াম আৰু পুনেৰ মহাৰাষ্ট্র ক্রিকেট সন্থাৰ গ্রাউণ্ড৷

You might also like