নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ঢকুৱাখনাত পৌৰ নিৰ্বাচনৰ প্ৰচাৰ চলালে বিধায়ক নৱ কুমাৰ দলেই

নিয়মীয়া বাৰ্তা, ২৫ ফেব্ৰুৱাৰীঃ পৌৰসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত নিৰ্বাচনী প্ৰচাৰ অভিযান বৃদ্ধি পাবলৈ ধৰিছে ।১০ ৱাৰ্ডেৰে গঠিত ঢকুৱাখনা পৌৰসভাৰ এলেকাত বিভিন্ন ৰাজনৈতিক দলসমূহৰ প্ৰাৰ্থীসকলে প্ৰচাৰ কাৰ্যসূচী তীব্রতৰ কৰি তুলিছে। পিছ পৰি থকা নাই শাসকীয় দল বিজেপি।আজি ঢকুৱাখনাৰ ছয় নম্বৰ ৱাৰ্ডৰ বিজেপি প্ৰাৰ্থী স্বৰূপ কোঁৱৰ,সাত নম্বৰ ৱাৰ্ডত চন্দ্ৰমা গগৈ চুতীয়া, আঠ নম্বৰ ৱাৰ্ডত দিপালি দাস, ৯ নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থী অপৰূপা দিহিঙীয়া দত্ত আৰু দহ নম্বৰ ৱাৰ্ডৰ প্ৰাৰ্থী ৰাজীৱ দাসৰ হৈ প্ৰচাৰ অভিযান চলোৱা লগতে নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেই। নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি বিৰামহীন প্ৰগতি,সামগ্ৰিক বিকাশ আৰু সুপৰিকল্পিত নগৰীকৰণ, পৌৰসভা অঞ্চলৰ দ্ৰুত উন্নয়ন,বিকশিত আৰু সুৰক্ষিত পৌৰসভা গঠনৰ বাবে অহা  ৬ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া পৌৰসভা নিৰ্বাচনত  বিজেপিৰ মিত্ৰজোঁটৰ বিপুল ভোটত জয়যুক্ত কৰিবলৈ  ৰাইজক আহ্বান জনায় বিধায়কগৰাকীয়ে ।নিৰ্বাচনী প্ৰচাৰ সভাত অংশ গ্ৰহণ কৰি পৌৰসভাৰ অন্তৰ্গত বিভিন্ন ৱাৰ্ডসমূহৰ সমস্যাৰ বুজ লৈ শীঘ্ৰে সমস্যাসমুহ সমাধানৰ মূল লক্ষ্য হ’ব বুলি মত প্ৰকাশ কৰি বিধায়ক দলেৱে কংগ্ৰেছ চৰকাৰৰ দিনত নগৰত সাধাৰণ নাগৰিকৰ বাবে ঘৰ দিয়াৰ কোনো ব্যৱস্থা নথকাৰ বিপৰীতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দিনত নগৰতো নাগৰিকৰ বাবে ঘৰ দিয়াৰ ব্যৱস্থা আৰম্ভ কৰা হ’ল বুলি নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰি ঢকুৱাখনাৰ স্থানীয় বিধায়ক নৱ কুমাৰ দলেৱে ১০ ৱাৰ্ডৰে গঠিত ঢকুৱাখনা পৌৰসভাত দহটাতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হৈ পৌৰসভা দখল কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। বিজেপিৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহক সদস্য বসন্ত শইকীয়া, অগপৰ ৰাজ্যিক সদস্য মহেশ দলে,জ্যেষ্ঠ বিজেপি নেতা লক্ষেশ্বৰ সোনোৱাল,লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বৰগোঁহাইৰ লগতে দলৰ জেষ্ঠ কাৰ্য্যকৰ্তাসকল উপস্থিত থাকে৷

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like