গুৱাহাটীত আজি পুৱা দেহাৱসান ঘটে বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈৰ। দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি থকা প্ৰিয়দা গগৈয়ে ৯৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে।
জানিব পৰা মতে, আজি পুৱা প্ৰায় ৬:২০ বজাত তেওঁৰ মৃত্যু হয়। মাতৃৰ বিয়োগত অখিল গগৈৰ পৰিয়ালত গভীৰ শোকৰ ছাঁ নামি আহিছে।
জানিব পৰা মতে প্ৰিয়দা গগৈৰ নশ্বৰদেহ গুৱাহাটীৰ পৰা মৰিয়নিৰ চেলেংহাটলৈ লৈ যোৱা হ’ব। চেলেংহাটতে সম্পন্ন কৰা হ’ব তেওঁৰ শেষকৃত্য।
প্ৰিয়দা গগৈৰ মৃত্যুত বিভিন্ন মহলৰ লোকে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে।
ডিজিটেল ডেস্ক, ৩ জুন