নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানলৈ আহিছে দেশ–বিদেশৰ বিবিধ প্রজাতিৰ চৰাই ৷ শেহতীয়া পক্ষী গণনাত পোহৰলৈ আহিছে ৰাষ্ট্রীয় উদ্যানখনৰ পক্ষী–বৈচিত্র্যৰ তথ্য ৷ আনকি প্রথমবাৰৰ বাবে কাজিৰঙাত দেখিবলৈ পোৱা গৈছে ‘তুন্দ্রা’ নামৰ এবিধ বিশেষ প্রজাতিৰ ৰাজহাঁহ ৷ আকাৰত তুলনামূলকভাৱে সৰু এইবিধ ৰাজহাঁহ সাধাৰণতে ৰাছিয়াত দেখিবলৈ পোৱা যায় ৷ মূলতঃ শীতপ্রধান অঞ্চলতে ‘তুন্দ্রা’ নামৰ হাঁহৰ প্রজাতিটোৱে বসবাস কৰে ৷ কিন্তু শেহতীয়া পক্ষী গণনাৰ সময়ত কাজিৰঙাৰ কঁহৰাত দৃশ্যমান হৈছে ‘তুন্দ্রা শ্বোৱান’ ৷ ইয়াকে লৈ পক্ষীবিদসকলৰ মনত ব্যাপক উৎসুকতাৰ সৃষ্টি হৈছে ৷ কাজিৰঙাৰ জলবায়ু পৰিৱর্তন হোৱা বাবেই ইয়ালৈ কাজিৰঙাৰ তুন্দ্রা শ্বোৱানৰ আগমন হৈছে নেকি, তাক লৈও চর্চা চলিছে ৷
উল্লেখ্য যে শেহতীয়াকৈ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত সম্পন্ন হৈ যায় ২০১৯ চনৰ পক্ষী গণনা ৷ এই সমীক্ষা অনুসৰি এইবাৰ ৰাষ্ট্রীয় উদ্যানখনত মুঠ ২৪,৪১০টা পক্ষী দেখিবলৈ পোৱা গৈছে ৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ অসম বন্যপ্রাণী সংমণ্ডলত ৯৬টা প্রজাতিৰ ১৯,২২৫টা চৰাই দেখিবলৈ পোৱাৰ বিপৰীতে বিশ্বনাথ বন্যপ্রাণী সংমণ্ডলত ৬৫টা প্রজাতিৰ ৫,১৮৫টা চৰাইৰ উপস্থিতি দেখা যায় ৷ ৰাষ্ট্রীয় উদ্যানখনৰ ২৮খন বিলক সামৰি চলোৱা পক্ষী গণনাত এই তথ্য পোহৰলৈ আহিছে ৷ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ বন সংমণ্ডল বিষয়া ৰমেশ চন্দ্র গগৈয়ে জানিবলৈ দিয়া মতে, এইবাৰৰ পক্ষী গণনাৰ সময়ছোৱাত পক্ষীবিদসকলে কাজিৰঙাত তুন্দ্রা শ্বোৱান দেখিবলৈ পাইছে ৷ মাত্র এটা এই পক্ষীৰ উপস্থিতি এইবাৰ ধৰা পৰিছে ৷ যিটো এইবাৰৰ পক্ষী গণনাৰ এটা উল্লেখনীয় দিশ৷ আনহাতে ২০১৮ চনৰ পক্ষী গণনাতকৈ এইবাৰ বহু বেছিসংখ্যক পক্ষীৰ উপস্থিতি গণনাত দেখা গ’ল বুলি কাজিৰঙা ৰাষ্ট্রীয় উদ্যান কর্তৃপক্ষই প্রকাশ কৰিছে ৷ মূলতঃ এশিঙীয়া গঁড় আৰু অন্যান্য বন্যপ্রাণীৰ বাবে বিখ্যাত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ বৈচিত্র্যময় পক্ষীও অহা সময়ছোৱাত পর্যটকৰ বাবে বিশেষ আকর্ষণৰ বিষয় হৈ পৰিব পাৰে ৷