বক্সিঙৰ ব্রঞ্জতে সন্তুষ্ট থাকিল অসমৰ চন্দন নার্জাৰী, গৌৰৱ মজুমদাৰ, সুজুমা বড়ো, মেৰী মৰাণ
নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ অসমৰ প্রতিভাৱান বক্সাৰ আইকন মিলি, কৰমবীৰ ফ’গাট আৰু প্রান্তজ্যোতিয়ে গুৱাহাটীত চলি থকা তৃতীয় সংস্কৰণৰ খেলো ইণ্ডিয়া য়ুথ গেমছত ৰূপৰ পদক অর্জন কৰিছে৷
পল্টন বজাৰস্থিত ছাই কেন্দ্রত কালি অনুষ্ঠিত ১৭ বছৰ অনূর্ধ্ব ছোৱালীৰ ৫২ কেজিৰ ফাইনেলত আইকন হাৰিয়ানাৰ তান্নুৰ হাতত পৰাস্ত হয়৷
একেদৰে ১৭ বছৰ অনূর্ধ্ব ল’ৰাৰ ৫৪–৫৭ কেজিৰ ফাইনেলত অসমৰ প্রান্তজ্যোতিক হৰুৱাই স্বর্ণ জয় কৰে মধ্য প্রদেশৰ হিমাংশু শ্রীবাসে৷ ৭০ কেজিৰ ফাইনেলত কৰমবীৰ পৰাজয়ৰ সন্মুখীন হয়৷
ইফালে, ১৭ বছৰ অনূর্ধ্বৰ ল’ৰাৰ ৪৬–৪৮ কেজিত অসমৰ চন্দন নার্জাৰী, ল’ৰাৰ ৫৭–৬০ কেজিত ইমদাদ হুছেইন, ল’ৰাৰ ৬০–৬৩ কেজিত তাহিল উদ্দিন আৰু ৪৪–৪৬ কেজিত গৌৰৱ মজুমদাৰে ব্রঞ্জৰ পদকতে সন্তুষ্ট থাকে৷ একেদৰে ছোৱালীৰ ১৭ বছৰ অনূর্ধ্বৰ ৪৮ কেজিত সুজুমা বড়ো, ৫০ কেজিত মেৰী মৰাণ, ৬০ কেজিত সুমিত্রা ব্রহ্মই ছেমিফাইনেলত পৰাস্ত হৈ ব্রঞ্জৰ পদক লাভ কৰে৷