উঃ–পূব সীমান্ত ৰে’লৱেৰ হঠকাৰী সিদ্ধান্তঃ ৰাজ্যৰ ৬খন ৰে’লৱে প্রাথমিক বিদ্যালয় বন্ধৰ জাননী
- অস্তিত্বহীন হ’ব আমিনগাঁও–আদাবাৰী পাণ্ডু–মৰিয়নি–তিনিচুকীয়া, ডিব্রুগড়ৰ এলপি স্কুল
- ২০২২–২৩ শৈক্ষিক বর্ষত নামভর্তি নকৰিবলৈ নির্দেশ
নিময়ীয়া বাৰ্তা, ২৭ ফেব্ৰুৱাৰীঃ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত ৫৮ বিঘাকৈ ভূমি ৯৯ বছৰ পর্যন্ত কেইজনমান পুঁজিপতিক লীজত দিয়াক কেন্দ্র কৰি তীব্র প্রতিক্রিয়া অব্যাহত থকাৰ সময়তে উত্তৰ–পূব সীমান্ত ৰে’লৱেই গ্রহণ কৰিছে আন এক হঠকাৰী সিদ্ধান্ত৷ এইবাৰ উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মালিগাঁওস্থিত মুখ্য কার্যালয়ৰ পৰা আঠখনকৈ শিক্ষানুষ্ঠান বন্ধ কৰাৰ জাননী জাৰি কৰা হৈছে৷ ইয়াৰ ভিতৰত আছে ৰাজ্যত থকা ৰে’লৱেৰ ৬খনকৈ প্রাথমিক বিদ্যালয়৷
উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মহাপ্রবন্ধক (পি)ৰ হৈ এছিছটেণ্ট পার্ছনেল অফিচাৰ প্রতিভা সিন্হাই যোৱা ২৪ ফেব্রুৱাৰীত জাৰি কৰা ই/২৫২/ডাটা ৰে’লৱে স্কুল নম্বৰৰ জাননী অনুসৰি অসমৰ ৬খন প্রাথমিক বিদ্যালয় অস্তিত্বহীন হ’ব৷ এই শিক্ষানুষ্ঠানকেইখন হ’ল আদাবাৰীৰ ৰে’লৱে ডিটিপি স্কুল, পাণ্ডুৰ ৰে’লৱে প্রাইমাৰী স্কুল, আমিনগাঁৱৰ ৰে’লৱে প্রাইমাৰী স্কুল, মৰিয়নিৰ ৰে’লৱে প্রাইমাৰী স্কুল, ডিব্রুগড়ৰ ৰে’লৱে ডিটিপি স্কুল আৰু তিনিচুকীয়াৰ ৰে’লৱে প্রাইমাৰী স্কুল৷
একেটা নির্দেশনাতে ডিমাপুৰস্থিত ৰে’লৱে হাইস্কুল আৰু বৰছৈস্থিত ৰে’লৱে ডিটিপি স্কুলো বন্ধৰ কৰাৰ বিষয়ে উল্লেখ কৰা হৈছে৷ কমসংখ্যক ৰে’লৱে ৱার্ড থকা তথা ৰে’লৱে ৱার্ড নথকাৰ দোহাই দিয়েই এনে হঠকাৰী সিদ্ধান্ত লৈছে উত্তৰ–পূব সীমান্ত ৰে’লৱেই৷ নির্দেশনাত স্পষ্টভাৱে উক্ত শিক্ষানুষ্ঠানকেইখনৰ প্রধান শিক্ষক আৰু ভাৰপ্রাপ্ত শিক্ষকক অহা ২০২২–২৩ শৈক্ষিক বর্ষত ছাত্র–ছাত্রীৰ নতুন নামভর্তি বন্ধ ৰাখিবলৈ কোৱা হৈছে৷
লগতে চলিত ২০২১–২২ শৈক্ষিক বর্ষ শেষ হোৱাৰ পাছত শিক্ষানুষ্ঠানকেইখনত্ অধ্যায়ন কৰি থকা ছাত্র–ছাত্রীসকলক সমীপৱর্তী চৰকাৰী শিক্ষানুষ্ঠানলৈ স্থানান্তৰ কৰাৰ পদক্ষেপ ল’বলৈও কোৱা হৈছে একেটা নির্দেশনাত৷ উত্তৰ–পূব সীমান্ত ৰে’লৱে কর্তৃপক্ষই হঠাতে লোৱা এনে সিদ্ধান্তই শিক্ষানুষ্ঠানকেইখনত অধ্যয়নৰত ছাত্র–ছাত্রীৰ লগতে অভিভাৱকসকলৰ মাজত জটিলতা সৃষ্টি কৰাৰ সম্ভাৱনা প্রকট৷