নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজি মহাশিৱৰাত্রি

নিয়মীয়া বাৰ্তা, ১ মাৰ্চঃ আজি মহাশিৱৰাত্রি৷ মহাদেৱৰ বন্দনাৰে মুখৰিত সমগ্ৰ ৰাজ্য৷ শান্তি–সম্প্রীতি, ঐশ্বর্য–বিভূতিৰ প্রার্থনাৰে ভক্তসকলে পূজা–অর্চনা কৰিছে মহাদেৱক৷ পঞ্জিকা অনুসৰি ৰাঘ ১২/৩২/২২ সময়ৰ ভিতৰত পুণ্যতাৰ স্নান–দানাদি৷ অনধ্যায়৷ ইতিমধ্যে শিৱৰাত্রি উপলক্ষে ৰাজ্যৰ ভিন্ন প্রান্তত আয়োজন কৰা হৈছে বিশেষ কার্যসূচীৰ৷ বিশেষকৈ উমানন্দ, শিৱসাগৰৰ শিৱদ’ল, বেলশৰৰ বিল্বেশ্বৰ দেৱালয়, বিশ্বনাথৰ শিৱ মন্দিৰ, কুলবিল শিৱস্থান, শিলৰ খুঁটিৰ শিৱ মন্দিৰ, নাগশংকৰ দেৱালয়, দৰঙৰ সৰু ঠেকেৰাবাৰী শিৱ মন্দিৰ, তেজপুৰৰ মহাভৈৰৱ মন্দিৰকে ধৰি বিভিন্ন স্থানত বর্ণাঢ্য কার্যসূচীৰে আয়োজন কৰা হৈছে শিৱৰাত্রি৷ পূজা–অর্চনাৰ লগতে ভিন্ন প্রান্তত আয়োজন কৰা হৈছে নাগাৰা নামৰ লগতে ধর্মীয় কার্যসূচী৷

মন্ত্রোচ্চাৰণ, উৰুলি, ঘণ্টাধ্বনিৰ মাজেৰে আৰম্ভ হ’ল শিৱসাগৰৰ ঐতিহাসিক শিৱদ’লৰ শিৱৰাত্রি মহোৎসৱ

পুৰোহিতৰ মন্ত্রোচ্চাৰণ, আয়তীৰ উৰুলিৰ মাজেৰে শতিকা শতিকাজুৰি প্রচলিত হৈ অহা মহাশিৱৰাত্রি মহোৎসৱ আৰু পূজা সম্পূর্ণ বৈদিক নীতি–নিয়মৰ মাজেৰে সোমবাৰৰে পৰা আৰম্ভ হৈছে ঐতিহ্যমণ্ডিত শিৱদ’লত৷ ছশ বছৰীয়া আহোম ৰাজত্বৰ স্বর্ণিল ইতিহাস বুকুত বান্ধি বিশ্বৰ বুকুত আস্থা আৰু বিশ্বাসৰ বার্তা বিলাই অহা মহাদেৱৰ পুণ্যথলী ঐতিহাসিক শিৱদ’লক কেন্দ্র কৰি শিৱৰাত্রি পূজা আৰু শিৱৰাত্রি মেলা শতিকা শতিকাজুৰি অনুষ্ঠিত হৈ আহিছে৷ সমগ্র অসমবাসীৰ লগতে বিশ্বৰ পর্যটকৰ বাবেও অন্যতম আকর্ষণৰ কেন্দ্রবিন্দু মহাশিৱৰাত্রি মহোৎসৱ আৰু পূজা আনুষ্ঠানিক শুভাৰম্ভৰ পাছতেই ভক্তপ্রাণ ৰাইজ আৰু দর্শনার্থীৰে উদুলি–মুদুলি হৈ পৰে দ’ল প্রাংগণৰ লগতে ঐতিহাসিক শিৱসাগৰ চহৰখন৷

উল্লেখ্য যে ১৭৩৪ খ্রীষ্টাব্দত স্বর্গদেউ শিৱ সিংহৰ দিনত বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে কলঞ্চুপৰীয়া গোহাঁইগাঁৱত এক বৃহৎ পুখুৰী খন্দোৱাই নির্মাণ কৰাইছিল তিনিটা দ’ল৷ মাজত সুউচ্চ সোণৰ কলচিখচিত শিৱদ’ল নির্মাণ কৰি দুয়োকাষে নির্মাণ কৰাইছিল আন দুটা দ’ল ক্রমে দেৱীদ’ল আৰু বিষ্ণুদ’ল৷ সোমবাৰে পুৱা শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘনিধি দাহালে বন্তি প্রজ্বলন কৰি শিৱৰাত্রি পূজাৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে৷ উক্ত অনুষ্ঠানত পোনা ভাগৱতীয়ে শৈৱিক মন্ত্র পাঠ কৰে৷ এই বন্তি প্রজ্বলনৰ অনুষ্ঠানত উপস্থিত থাকি শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে বিধায়ক ৰূপে নির্বাচিত হোৱাৰ পাছত প্রথমবাৰলৈ ঐতিহাসিক শিৱদ’লৰ পূজাভাগিত অংশগ্রহণ কৰিবলৈ পাই সুখী অনুভৱ কৰা বুলি মন্তব্য কৰে৷ শিৱসাগৰৰ লগতে অসমৰ অন্যতম এই শিৱৰাত্রিত ভিন্ন প্রান্তৰ লোকক অংশ ল’বলৈ আহ্বান জনাই বিধায়কগৰাকীয়ে কয় যে ইয়াৰ মাধ্যমত ৰাইজে শিৱসাগৰ দর্শন কৰাৰ সুবিধা পাব৷ সেইদৰে শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্র ৰূপে প্রতিষ্ঠা কৰাৰ যি প্রয়াস কৰা হৈছে, এই প্রয়াসত সকলো ঐক্যবদ্ধ হোৱাৰ আহ্বান জনায়৷ ঐতিহাসিক স্থানসমূহত জধে–মধে আধুনিক নির্মাণ কৰি শিৱসাগৰক বিশ্ব ঐতিহ্যত অন্তর্ভুক্ত হোৱাত সমস্যাৰ সৃষ্টি নকৰিবলৈ তেওঁ আহ্বান জনায়৷ ইপিনে কালিৰ দিনত শিৱদ’লত উপস্থিত হৈ ভাৰতীয় জনতা পার্টীৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই শিৱদ’লত সেৱা আগবঢ়াই ৰাজ্যবাসীৰ মংগল কামনা কৰে৷ আনহাতে আজি সন্ধিয়া দ’লমুখ চাৰিআলিৰ অস্থায়ী মঞ্চত অনুষ্ঠিত পূজা আৰু মেলা উদ্বোধনী অনুষ্ঠান সম্পন্ন হয়৷ ৰাজ্যসভাৰ সাংসদ কামাখ্যাপ্রসাদ তাছাই সোমবাৰে আনুষ্ঠানিকভাৱে আগন্তুক ৩ মার্চ তাৰিখলৈকে চলিবলগীয়া শিৱপূজা আৰু মেলা উদ্বোধন কৰে৷ উদ্বোধনী ভাষণত সাংসদগৰাকীয়ে মানুহে মানসিক শান্তি য’ত পায়, তাতেই ঈশ্বৰ থাকে বুলি উল্লেখ কৰি ঐতিহাসিক শিৱদৌলৰ গভীৰ অধ্যয়নে সমাজখনক উপকাৰ কৰিব বুলি মত প্রকাশ কৰে৷ ইয়াৰ লগতে তেওঁ শিৱসাগৰৰ ঐতিহাসিক সম্পদসমূহৰ সৈতে দেশী–বিদেশী পর্যটকৰ সংযোগক গুৰুত্ব দিয়াৰ পোষকতা কৰে৷ বিগত সময়ত শিৱৰাত্রি উপলক্ষে অনুষ্ঠিত আন্তঃৰাষ্ট্রীয় শিৱ মহোৎসৱ পুনৰ অনুষ্ঠিত কৰিব লাগে বুলিও সাংসদগৰাকীয়ে মত পোষণ কৰে৷

 

You might also like