নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডাভোছত পুনৰ মুখামুখি ড’নাল্ড ট্রাম্প–থুনবাৰ্গ

বিশ্ব অর্থনৈতিক ফ’ৰামৰ বৈঠকত জলবায়ু আন্দোলনৰ নেত্রী

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ মুখামুখি হৈছে পুনৰ জলবায়ু আন্দোলনৰ কর্মী ছুইডেনৰ ষোড়শী গ্রেটা থুনবার্গ ৷ জলবায়ু পৰিৱর্তন সন্দর্ভত বিভিন্ন সময়ত বিতর্কিত মন্তব্য আগবঢ়াই অহা ড’নাল্ড ট্রাম্পক ইতিপূর্বে ক্ষুৰধাৰ সমালোচনা কৰিছিল থুনবার্গে ৷ ডাভোছত মঙলবাৰৰ পৰা অনুষ্ঠিত হোৱা বিশ্ব অর্থনৈতিক ফ’ৰামৰ সন্মিলনতেই পুনৰ ট্রাম্প আৰু থুনবার্গ মুখামুখি হৈছে ৷ জলবায়ু উষ্ণতা সন্দর্ভত ৫০সংখ্যক বৈঠকত ট্রাম্প আৰু থুনবার্গ মুখামুখি হোৱা বিষয়টোক লৈ আন্তর্জাতিক সংবাদ মাধ্যমে বিশেষ গুৰুত্ব প্রদান কৰিছে ৷

স্মর্তব্য যে চাৰিদিনীয়া এই বিশ্ব অর্থনৈতিক ফ’ৰামৰ সন্মিলনত বিভিন্ন দেশৰ শীর্ষ নেতাসকলৰ উপৰি বাণিজ্যিক সম্প্রদায়ৰ নেতাসকলো উপস্থিত থাকিব ৷ লক্ষণীয়ভাৱে একেদিনাখনেই মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে দেশখনৰ ছিনেটত মহাভিযোগৰ বিচাৰ প্রক্রিয়া আৰম্ভ হৈছে ৷ জলবায়ু পৰিৱর্তন সন্দর্ভত সজাগতা সৃষ্টিৰে বিশ্বৰ শিক্ষার্থীসকলক সংগঠিত কৰা গ্রেটা থুনবার্গে মাত্র কেইমাহমান পূর্বে ট্রাম্পসহ বিশ্বৰ সমৃদ্ধিশালী দেশসমূহৰ শীর্ষ নেতাসকলক ক্ষুৰধাৰ সমালোচনা কৰিছিল ৷ পৃথিৱী গ্রহৰ ভৱিষ্যতলৈ দেশনেতাসকলে অন্ধকাৰ মাতি অনা বুলি সমালোচনা কৰা থুনবার্গৰ বক্তব্যৰ পিছতো মহাপৰাক্রমী ৰাষ্ট্র আমেৰিকাৰ ৰাষ্ট্রপতি ট্রাম্পে ষোড়শীগৰাকীক ব্যংগ কৰিছিল ৷ কিন্তু থুনবার্গে ট্রাম্পক ইয়াৰ বিৰুদ্ধে ক্ষুৰধাৰ সমালোচনাৰে প্রত্যুত্তৰ দিছিল ৷ ষোড়শী থুনবার্গ এতিয়া জলবায়ু আন্দোলনৰ জৰিয়তেই বিশ্বৰ শিক্ষার্থীসকলৰ মাজত হৈ পৰিছে আইকন ৷ আনকি পৃথিৱী গ্রহক গোলকীয় উষ্ণতাৰ পৰা ৰক্ষা কৰিবলৈ আৰু জলবায়ু পৰিৱর্তনক বিশ্বৰ বিভিন্ন দেশে মোকাবিলা কৰাৰ ক্ষেত্রত সঠিক নীতি গ্রহণ কৰিব লাগিব বুলি দাবী জনাই আহিছে থুনবার্গে ৷ এইক্ষেত্রত ষোড়শীগৰাকীয়ে বিশ্বৰ বিভিন্ন সামাজিক তথা পৰিৱেশ সংগঠনৰ সমর্থনো লাভ কৰিবলৈ সক্ষম হৈছে ৷

You might also like