নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শ্রীলংকাত সন্ধানহীন ২০ সহস্রাধিক লোকক মৃত ঘোষণা

নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ দ্বীপ ৰাষ্ট্র শ্রীলংকাৰ গৃহযুদ্ধত সন্ধানহীন ২০ সহস্রাধিক লোকক প্রথমবাৰৰ বাবে মৃত বুলি ঘোষণা কৰিছে দেশখনৰ ৰাষ্ট্রপতি গোটাবায়া ৰাজাপাকছাই ৷ ৰাজধানী কলম্বোত ৰাষ্ট্রসংঘৰ এগৰাকী কূটনীতিকৰ সৈতে হোৱা বৈঠকত ৰাষ্ট্রপতিগৰাকীয়ে উল্লেখ কৰিছে যে গৃহযুদ্ধৰ সময়ত সন্ধানহীন লোকসকলৰ মৃত্যু হৈছে ৷ আনকি ৰাষ্ট্রপতিৰ কার্যালয়ৰ পৰা সন্ধানহীন লোকসকলৰ আত্মীয়লৈ শীঘ্রে মৃত্যুৰ প্রমাণ–পত্র প্রেৰণ কৰা হ’ব বুলি স্পষ্ট কৰি দিয়া হৈছে ৷ স্মর্তব্য যে ৰাষ্ট্রপতিগৰাকীৰ এই ঘোষণাৰ সময়তে ৰাজধানী চহৰখনত হাজাৰ হাজাৰ লোকে সন্ধানহীন হৈ থকা নিকট আত্মীয়ৰ সবিশেষ তথ্য সদৰী কৰাৰ দাবী তুলি সংগঠিত কৰিছে প্রতিবাদী কার্যসূচী ৷ বহু পৰিয়ালে এতিয়াও আশা প্রকাশ কৰি আছে যে তেওঁলোকৰ সন্ধানহীন সদস্যবোৰ জীয়াই থাকিব পাৰে ৷ নিৰাপত্তা বাহিনীৰ হাতত এই লোকসকল বন্দী হৈ থকা বুলি অভিযোগ কৰা হৈছে ৷ কিন্তু শ্রীলংকা চৰকাৰে এই অভিযোগ বাৰে বাৰে অগ্রাহ্য কৰি আহিছে ৷

You might also like