নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম কৃষি বিশ্ববিদ্যালয়ঃ ৭ বছৰে কর্তব্যত অকর্তৃত্বশীলভাৱে অনুপস্থিত অধ্যাপিকাক পুনৰ চাকৰি

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ ভিতৰচ’ৰাত সংঘটিত আন এক অনিয়ম শেহতীয়াকৈ ফাদিল হৈছে৷ দীর্ঘ প্রায় ৭ বছৰ কাল অকর্তৃত্বশীলভাৱে কর্তব্যত অনুপস্থিত থকা এগৰাকী সহযোগী অধ্যাপিকাক বিশ্ববিদ্যালয়খনৰ সকলো নীতি–নিয়ম ভৰিৰে মোহাৰি পুনৰ চাকৰিত মকৰল কৰিছিল তদানীন্তন বহু বিতর্কিত উপাচার্য ড০ কমল মল্ল বুজৰবৰুৱাই৷ বিশ্ববিদ্যালয়খনৰ আচার্য আৰু পৰিচালনা সমিতিৰ কোনোধৰণৰ অনুমোদন নোলোৱাকৈ তথা ‘ফাণ্ডামেণ্টেল ৰুলছ’ৰ ১৮নং দফা উলংঘা কৰি চাকৰিত পুনৰ মকৰলৰ সুযোগ পোৱা কবিতা ভূঞাৰ প্রতি কি দৰদ থাকিব পাৰে, তাক লৈ স্বাভাৱিকতে প্রশ্ন উঠিছে৷ গার্হস্থ্য বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকাৰ দৰে গুৰুত্বপূর্ণ পদত থাকিও কর্তৃপক্ষক অৱগত নকৰাকৈ ৬ বছৰ ১১ মাহ ৯ দিন কর্তব্যত অনুপস্থিত থকাৰ বাবে শাস্তিৰ সন্মুখীন হোৱাৰ বিপৰীতে মৰিগাঁওস্থিত কৃষি বিজ্ঞান কেন্দ্রত নিযুক্তি লাভ কৰা এইগৰাকী কবিতা ভূঞা হৈছে ৰাজ্য জোকাৰি যোৱা বিয়াগোম এ পি এছ চি কেলেংকাৰিৰ অন্যতম মাষ্টাৰ মাইণ্ড ডাঃ মৃগেন শইকীয়াৰ পত্নী৷

তথ্য জনাৰ অধিকাৰ আইনৰ জৰিয়তে এই অনিয়মৰ সমগ্র তথ্য আহৰণ কৰিছে হিন্দু যুৱ–ছাত্র পৰিষদ, অসমে৷ এই বিষয়ে সদৰী কৰি সংগঠনটোৰ সভাপতি বলেন বৈশ্য আৰু সাধাৰণ সম্পাদক মাধৱ দাসে কয় যে গার্হস্থ্য বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা পদত কার্যনির্বাহ কৰি থকাৰ সময়তে কবিতা ভূঞাই ২০০৫ চনৰ ১৭ জানুৱাৰীৰ পৰা দা–দৰমহাসহ ৩ বছৰৰ শৈক্ষিক ছুটী লৈ পঞ্জাব কৃষি বিশ্ববিদ্যালয়ত পি এইচ ডি ডিগ্রী আহৰণ কৰিবৰ বাবে ৰাওনা হৈছিল যদিও এইক্ষেত্রত সফল হ’ব নোৱাৰি গৃহাভিমুখী হয়৷ পৰৱর্তী পর্যায়ত ৪০ দিনৰ আর্জিত ছটী আৰু ১৪৩ দিনৰ অর্ধেক দা–দৰমহাৰ হাৰত ছুটী লৈ পুনৰ তেজপুৰ বিশ্ববিদ্যালয়লৈ পি এইচ ডি ডিগ্রীৰ বাবে যায় কবিতা ভূঞা৷ কিন্তু এইবাৰো তেওঁ পি এইচ ডি লাভত মুখথেকেচা খায়৷ তাৰ পাছত বিশ্ববিদ্যালয় কর্তৃপক্ষক কোনো ধৰণৰ জাননী নিদিয়াকৈ ২০০৮ চনৰ ১৬ জুলাইৰ পৰা ২০১৫ চনৰ ২৫ জুন পর্যন্ত সম্পূর্ণ ৬ বছৰ ১১ মাহ ৯ দিন তেওঁ কর্তব্যত অনুপস্থিত থাকে৷ বৈশ্য আৰু দাসে প্রকাশ কৰা মতে, ‘ফাণ্ডামেণ্টেল ৰুলছ’ৰ ১৮নং দফা মতে কোনো কর্মচাৰী পাঁচ বছৰ অকর্তৃত্বশীলভাৱে চাকৰিত অনুপস্থিত থাকিলে তেওঁক চাকৰিৰ পৰা বর্খাস্ত কৰিব লাগে৷ কিন্তু প্রাক্তন উপাচার্য ড০ বুজৰবৰুৱাই মাহিলি ৯,০০০ টকাৰ গ্রেড পে’ পোৱা সহযোগী অধ্যাপিকা কবিতা ভূঞাক কোনোধৰণৰ বিজ্ঞাপন প্রকাশ বা সাক্ষাৎকাৰ নোলোৱাকৈ স্বেচ্ছাচাৰিতাৰে মৰিগাঁওস্থিত কৃষি বিজ্ঞান কেন্দ্রত মাহিলি ৫,৪০০ টকাৰ গ্রেড পে’ৰ গার্হস্থ্য বিজ্ঞান বিষয়ৰ বিশেষজ্ঞ হিচাপে বিশ্ববিদ্যালয়ৰ পঞ্জীয়কে ২০১৫ চনৰ ১৫ মে’ত দিয়া নির্দেশযোগে চাকৰিত পুনৰ মকৰল কৰে৷ পি এইচ ডি ডিগ্রী সম্পূর্ণ কৰিব নোৱাৰা বাবে বিশ্ববিদ্যালয়ৰ নিয়ম অনুযায়ী শৈক্ষিক ছুটীৰ তিনি বছৰ কালত লাভ কৰা দা–দৰমহা নির্দিষ্ট সুদসহ প্রায় ১৩,১৪,৮৪০ টকা বিশ্ববিদ্যালয়ক ঘূৰাই দিবলৈ তদানীন্তন পঞ্জীয়ক কৃষ্ণা গোহাঁয়ে বাৰম্বাৰ পত্র প্রেৰণ কৰাৰ পাছতো নির্বিকাৰ হৈ বহি থকা কবিতা ভূঞাই প্রাক্তন উপাচার্য ড০ বুজৰবৰুৱাৰ কাষ চপাত মাহিলি মাত্র ২০,০০০ টকাৰ হাৰত উক্ত ধনৰাশি আদায় দিবৰ বাবে খোদ পঞ্জীয়ক কৃষ্ণা গোহাঁইৰ দ্বাৰা স্বাক্ষৰিত পত্রযোগে অনুমতি দিয়া বুলি অভিযোগ তুলিছে বৈশ্য আৰু দাসে৷ হিন্দু যুৱ–ছাত্র পৰিষদৰ নেতাদ্বয়ে কয় যে ডাঃ মৃগেন শইকীয়াৰ দৰে এ পি এছ চি কেলেংকাৰিত লিপ্ত ব্যক্তি এজনৰ লগত থকা মিতিৰালিৰ বাবেই প্রচলিত নীতি–নিয়মবোৰ ভৰিৰে মোহাৰি প্রাক্তন উপাচার্য ড০ বুজবৰুৱাই কবিতা ভূঞাক চাকৰিৰ পৰা বর্খাস্ত কৰাৰ পৰিৱর্তে পুনৰ চাকৰিত মকৰল কৰাৰ ব্যৱস্থা কৰি দিছিল৷ সমগ্র বিষয়টোৰ ওপৰত বিহিত ব্যৱস্থা ল’বলৈ বৈশ্য আৰু দাসে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক দাবী জনাইছে৷

You might also like