নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাপৰৰ ধীৰঘাটত দুৰ্ঘটনাঃ মাজপথতে জলিল ট্ৰাকঃ জীৱন্তে অগ্নিদগ্ধ বাইক আৰোহী

নিয়মীয়া বাৰ্তা, ৬ মাৰ্চঃ ধুবুৰীৰ চাপৰ থানাৰ অন্তৰ্গত ধীৰঘাটত আজি সন্ধিয়া 5:30 মান বজাত সংঘটিত এক পথ দুৰ্ঘটনাত এগৰাকী বেক্তি থিতাতে নিহত হয়। প্ৰাপ্ত বাতৰি মতে চাপৰ থানাৰ অন্তৰ্গত ধীৰঘাটৰ 17নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধিয়া 5:30মান বজাত এখন ডাম্পাৰ আৰু মটৰ চাইকেলৰ মাজত সংঘটিত এক পথ দুৰ্ঘটনাৰ ফলত মটৰ চাইকেল খন ডাম্পাৰ খনৰ তলত সোমাই যোৱাৰ ফলত ডাম্পাৰ খনত দোপদোপে জুই লাগে। ফলত মটৰ চাইকেল খনৰ আৰহী গৰাকী থিতাতে নিহত হয়। বাতৰি লিখা পৰলৈকে নিহত বেক্তি গৰাকীক চিনিব পৰা নাই। লগতে ট্ৰাক আৰু বাইক খনৰ নম্বৰ জানিব পৰা হোৱা নাই।
প্ৰেৰক আতিকুল হুছেইন

You might also like