নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নি পৌৰসভাঃ নিৰ্দলীয়ৰ চমকপ্ৰদ ফলাফলঃ দহ ৱাৰ্ডৰ আঠখনতে নিৰ্দলীয়ৰ জয়

নিয়মীয়া বাৰ্তা, ৯ মাৰ্চঃ আজি ভোটগণনাৰ অন্তত ঘোষিত ফলাফলত নিৰ্দলীয় প্ৰাৰ্থীৰ জয়জয়কাৰ হোৱা দেখা গ’ল । মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ লগতে দলীয় নেতৃত্বই টিকটৰ বাবে ‘অযোগ্য’ বুলি ভবা সাতজনকৈ প্ৰাক্তন বিজেপি কৰ্মীয়ে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দ্বিতা কৰি দেখুৱাই দিলে ৰাইজ প্ৰকৃততে কাৰ সৈতে আছে । মৰিয়নি পৌৰসভাৰ মুঠ দহখন আসনৰ আঠখনতে নিৰ্দলীয় প্ৰাৰ্থী জয়ী হয় । আনহাতে শাসনাধিষ্ঠ বিজেপি মাত্ৰ দুখন আসনতে সীমাবদ্ধ থকাৰ বিপৰীতে কংগ্ৰেছৰ লগতে অগপই এখনো আসন নাপালে । এইবাৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ নেতৃত্বত বিজেপিয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল যদিও নগৰবাসী ৰাইজে সম্পূৰ্ণৰূপে প্ৰত্যাখ্যান কৰিলে ৰূপজ্যোতিৰ নেতৃত্বক । ঘোষিত ফলাফল অনুসৰি ১, ২, ৩, ৪, ৫, ৮, ৯ আৰু ১০ ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থী জয়ী হোৱাৰ বিপৰীতে ৬ আৰু ৭ নং ৱাৰ্ডত বিজেপিৰ প্ৰাৰ্থী জয়ী হয় । ১ নং ৱাৰ্ডত নিৰ্দলীয় প্ৰদীপ দাসে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ বিবেক দত্তক ৩২০ টা ভোটত পৰাজিত কৰে । ২ নং ৱাৰ্ডত নিৰ্দলীয় শংকৰ চক্ৰৱৰ্তীয়ে নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ উত্তম ধৰক ১৭১ টা ভোটত পৰাজিত কৰি জয়ী হয় । আনহাতে, ৩ নং ৱাৰ্ডত নিৰ্দলীয় কাজল ভট্টাচাৰ্য্যই নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ শিবু দেক ১৫৫ টা ভোটৰ ব্যৱধানত পৰাজিত কৰে । একেদৰে ৪ নং ৱাৰ্ডত নিৰ্দলীয় পিকলু ৰয়ে প্ৰাক্তন পৌৰপতি বিজেপিৰ শম্ভু পালক ২৫৭ টা ভোটত পৰাজিত কৰে । ৫ নং ৱাৰ্ডত নিৰ্দলীয় ৰঞ্জুশ্ৰী দাসে নিকটতম প্ৰতিদ্বন্দ্বী বিজেপিৰ স্বপ্নালী গোস্বামীক ২৯৩ টা ভোট হৰুৱায় । ৬ নং ৱাৰ্ডত বিজেপিৰ কস্তুৰী আগৰৱালা গগৈয়ে কংগ্ৰেছৰ ৰূপৰেখা বৰাক ৫১৯ টা ভোটৰ ব্যৱধানত পৰাজিত কৰি জয়ী হয় । আনহাতে, ৭ নং ৱাৰ্ডত বিজেপিৰ চুমকি মজুমদাৰ দত্তই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী নিৰ্দলীয় ৰূপা চক্ৰৱৰ্তীক ৩০২ টা ভোটত পৰাজিত কৰে । ৮ নং ৱাৰ্ডত নিৰ্দলীয় প্ৰাৰ্থী গায়ত্ৰী চক্ৰৱৰ্তীয়ে আন এগৰাকী নিৰ্দলীয় ৰীতা দেৱক ১৮৫ টা ভোটত পৰাজিত কৰে । এইটো ৱাৰ্ডত বিজেপিৰ নৱনীতা শ্যামে তিনি নম্বৰ স্থানহে দখল কৰে । ৯ নং ৱাৰ্ডত নিৰ্দলীয় বিশ্বপ্ৰভা শইকীয়াই তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী মিত্ৰজোটৰ প্ৰাৰ্থী অগপৰ মমী দত্তক ৪৪০ টা ভোটত পৰাজিত কৰে । আনহাতে ১০ নং ৱাৰ্ডত নিৰ্দলীয় বিজন মজুমদাৰে বিজেপিৰ ৰঞ্জিত সৰকাৰক ৪৫২ টা ব্যৱধানত পৰাজিত কৰে । উল্লেখযোগ্য যে, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এইবাৰ দহটা ৱাৰ্ডেই বিজেপিয়ে দখল কৰিব বুলি দাবী কৰিছিল । কিন্তু আজিৰ ফলাফলে সেইয়া ৰূপজ্যোতি কুৰ্মীৰ যে ভ্ৰান্ত ধাৰণাহে আছিল তাক প্ৰমান কৰিলে । ইফালে, অগপই এখন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিল যদিও জয়লাভ কৰিব নোৱাৰিলে । একেদৰে কংগ্ৰেছ দলে আঠটা ৱাৰ্ডত প্ৰাৰ্থী দিছিল যদিও এটাতো জয়ৰ মুখ দেখা নাপালে । লক্ষণীয় যে, মৰিয়নি পৌৰসভাত আজিলৈকে এটা ৱাৰ্ডটো কংগ্ৰেছ জয়ী হ’ব পৰা নাই । আনহাতে, এইবাৰৰ আগলৈকে বিজেপিয়ে মাত্ৰ এটা ৱাৰ্ডতহে জয়ী হৈছিল । এই পৰাজয়ে বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিও প্ৰশ্নৰ উত্থাপন কৰিলে । লক্ষণীয় যে, বিজয়ী আঠগৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ ভিতৰত সাত গৰাকীয়েই বিজেপিৰ টিকট নাপাই নিৰ্দলীয় হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থী ।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like