নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বকোত অবৈধ কুণ্ডা কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্থ

নিয়মীয়া বাৰ্তা ২২ জানুৱাৰীঃ বকোৰ বন্দাপাৰাত অবৈধ ভাৱে চেগুনৰ কুণ্ডা কঢ়িয়াই অনা টাটা ডিআই দুৰ্ঘটনাগ্ৰস্ত হৈছে। দুৰ্ঘটনাগ্ৰস্থ বাহন খনত আছিল ৩১ টাকৈ চেগুনৰ কুণ্ডা। মন কৰিবলগীয়া য়ে বাহনত খকা অধিকাংশ কুণ্ডাই আছিল অপৈণত তথা অবৈধ। বাহন খনৰ চকা পামচাৰ হোৱাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয়। টাটা ডিআইখনৰ নম্বৰ AS01-AC-6843। উল্লেখ্য যে বন বিভাগৰ কাৰ্যালয়ৰ সন্মুখতেই সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ পিছতেই পোহৰলৈ আহিছে চোৰাং কুণ্ডাৰ ৰমৰমীয়া বেহাৰ।

You might also like