নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গঁড়ৰ প্ৰতীক চিহ্নৰে ব্যক্তিগত গাড়ী চলিব ৰাজপথত

বিশেষ বাৰ্তা লখিমপুৰ ১০ মাৰ্চঃ গঁড়ৰ প্ৰতীক চিহ্ন সম্বলিত ৰঙা বাছখনৰ লগত অসমীয়া ৰাইজৰ আবেগ জৰিত হৈ আছে। অসম ৰাজ্যিক পৰিবহন নিগমৰ ৰঙা বাছৰ গঁড়ৰ চিহ্নই অসমীয়া ৰাইজক আপোন ভাৱেৰে বান্ধি ৰাখিছে। অসম গৌৰৱ এশিঙীয়া গঁড়ৰ প্ৰতীক চিহ্ন থকা পৰিবহন নিগমৰ ৰঙা বাছবোৰে ৰাজপথত কৰা যাত্রাই এতিয়াও ৰাইজক মোহিত কৰি ৰাখিছে। পিছে ৰঙা বাছৰ প্ৰতীক চিহ্নৰ হুবহু নহ’লেও এতিয়া ব্যক্তিগত গাড়ীও চলিব গঁড়ৰ প্ৰতীক চিহ্ন লৈ।

টাটা মটৰ্চে শেহতীয়াকৈ কাজিৰঙা এডিচনত গঁড়ৰ প্ৰতীক চিহ্ন দি এখন গাড়ী মুকলি কৰিছে। উত্তৰ অসমৰ ভিতৰত লখিমপুৰত কালি এনে গাড়ীৰ ফিটা কাটি শুভ উদ্বোধন কৰে জাৰ্নালিষ্ট এচ’ছিয়েচন অৱ আসাম -জাফাৰ কেন্দ্রীয় সাংগঠনিক সম্পাদক কুশল শইকীয়াই। লখিমপুৰত থকা সোৱণশিৰি টাটা মটৰ্চত ফিটা কাটি, কেক কাটি গাড়ীখন ৰাইজৰ বাবে মুকলি কৰা হয়। বিলাসী তথা অত্যাধুনিক প্রযুক্তি সংযোজিত গাড়ীখনৰ মুকলি অনুষ্ঠানত আঁত ধৰে সুচিত দাসে। অনুষ্ঠানটোত সুজিত শৰ্মাকে ধৰি বহু গণ্য মান্য ব্যক্তি, প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী আদিয়ে অংশগ্রহণ কৰে।

You might also like