নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামনি মাজুলীত দুৰ্যোগ বিষয়ক উদ্ধাৰ কৌশল-সজাগতা সভা

নিয়মীয়া বাৰ্তা, ১২ মাৰ্চ : নদীদ্বীপ মাজুলীৰ বানপীড়িত এলেকা হিচাপে বিবেচিত নামনি মাজুলীৰ কৰতিপাৰ, চেলেক আদিকে ধৰি বিভিন্ন অঞ্চলত পচোধন ডেভেলপমেণ্ট ছচাইটীয়ে আজি প্ৰায় দুবছৰ ধৰি নামনি মাজুলীত বিভিন্ন দিশত সমাজ কল্যাণমূলক কাম কৰি আছে। এই স্বেচ্ছাসেৱী সংগঠনটোৱে আজি মাজৰ চাপৰি গাৱঁৰ লাহান্তী স্কুলত এদিনীয়া কাৰ্যসূচীৰে দুৰ্যোগ বিষয়ক উদ্ধাৰ কৌশল আৰু দুৰ্যোগ ব্যৱস্থাপনাৰ ওপৰত গড়মূৰ অগ্নিনিৰ্ৱাপক বাহিনী আৰু এছ.ডি.আৰ.এফৰ সহযোগত গাঁৱৰ স্বেচ্ছাসেৱকসকলক লৈ এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰে। এই প্ৰশিক্ষণত ভাৰপ্ৰাপ্ত বিষয়া দীপেন মিলিয়ে সুন্দৰভাৱে উদ্ধাৰ কৌশলৰ প্ৰশিক্ষণ প্ৰদান কৰে । এই প্ৰশিক্ষণ কাৰ্যসূচীত অগ্নিনিৰ্ৱাপক বাহিনীৰ দল, এছ.ডি.আৰ.এফ. ৰ দল, সমাজ কৰ্মী, ব্ৰজেন পেগু, গাঁওপ্ৰধান চন্দন কুম্বাং উপস্থিত থাকে ৷ নামনি মাজুলীবাসীয়ে এই জনকল্যাণমূলক কামৰ শলাগ লয়৷

প্ৰেৰক প্ৰাঞ্জল খাউণ্ড

You might also like