ধুবুৰীত পুনৰ আৰম্ভ তীৰৰ জুৱা
নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চঃ তীৰকে ধৰি বিভিন্ন ধৰণৰ অৱৈধ জুৱাৰ বিৰূদ্ধে মখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ স্থিতিৰ মাজতেই ধুবুৰীত পুনৰ তীৰ নামৰ জুৱাবিধৰ প্ৰচলন আৰম্ভ হোৱা বুলি স্থানীয় ভুৰখা একাংশ মহলত মাজত চৰ্চিত হ’বলৈ লোৱা পোৱা গৈছে। উল্লেখ্য যে, মুখ্যমন্ত্ৰীগৰাকীৰ কঠোৰ নিৰ্দেশৰ পিছত বিগত ৯ জানুৱাৰীৰ নিশা সমগ্ৰ ৰাজ্যৰ ল’গতে ধুবুৰীতো চলিছিল আৰক্ষীৰ তীৰ বিৰোধী এক অভিযান। সেই অভিযানত ধুবুৰীকে ধৰি সমগ্ৰ জিলাখনৰ পৰা তীৰৰ জুৱাৰ সৈতে জড়িত ২২ গৰাকীকৈ ব্যক্তিক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। অৱশ্যে আৰক্ষীৰ অভিযানৰ উমান পাই তীৰৰ সৈতে জড়িত ধুবুৰীৰ কেইবাগৰাকী মূল পাণ্ডা আত্মগোপন কৰিছিল। সেই সময়ত পলাবলৈ সক্ষম হোৱা স্থানীয় সেই কেইগৰাকী তীৰৰ স্বয়ম্ভূ মালিকে আৰক্ষীৰ সেই অভিযানৰ উমান আগতীয়াকৈ পাইছিল নেকি বুলিও এক প্ৰশ্নৰ জন্ম দিছিল। আৰক্ষীৰ তীৰ বিৰোধী সেই অভিযানৰ পিছত প্ৰায় এমাহ–ডেৰমাহমান জুৱাবিধ ধুবুৰীত সম্পূৰ্ণৰূপে বন্ধ আছিল। কিন্তু সময় বাগৰাৰ লগে লগে আৰক্ষীৰ তীৰ বিৰোধী স্থিতি ক্ৰমশঃ শিথিল হৈ পৰাৰ সুযোগ লৈ ধুবুৰীত পুনৰ তীৰ নামৰ জুৱাবিধৰ প্ৰচলন আৰম্ভ হোৱা বুলি স্থানীয় একাংশ মহলত বৰ্তমানে চৰ্চিত হ’বলৈ লোৱা পোৱা গৈছে। সেই মহলবোৰৰ মতে, পূৰ্বৰ দৰে মুকলি ভাৱে নহ’লেও শ্বিলংৰ পৰা নিয়ন্ত্ৰিত হোৱা ‘‘শ্বিলং তীৰ’’ আৰু খানাপাৰাৰ পৰা নিয়ন্ত্ৰিত হোৱা ‘‘খানাপাৰা তীৰ’’ নামে জুৱাৰীৰ মাজত পৰিচিত দুয়োবিধ তীৰৰ জুৱাই আৰম্ভ হৈছে ধুবুৰীত। এক সূত্ৰই সদৰি কৰা মতে, ধুবুৰীত পূৰ্বে সক্ৰিয় ১৮/২০ গৰাকী স্বয়ম্ভূ মালিকৰ অধিকাংশই পুনৰায় তীৰৰ জুৱাৰ সৈতে এতিয়াও প্ৰত্যক্ষ ভাৱে জড়িত হোৱা নাই যদিও এওঁলোকৰ মাজৰে দুই–তিনিগৰাকীৰ পৃষ্ঠপোষকতাত ধুবুৰীত পুনৰায় আৰম্ভ হৈছে জুৱাবিধ। সূত্ৰটোৰ দাৱী অনুসৰি, পূৰ্বৰ দৰে উকা কাগজত জুৱাৰীক তীৰৰ নম্বৰ বিক্ৰী কৰাৰ পৰিৱৰ্তে বৰ্তমানে তীৰৰ বুকিসকলে মূলতঃ হোৱাটচ আপ অথৱা সামাজিক মাধ্যম ফেচবুকৰ মেচেঞ্জাৰ যোগে জুৱাৰীক তীৰৰ নম্বৰ প্ৰেৰণ কৰিবলৈ লৈছে। আনহাতে সাময়িক ভাৱে মাথো এমাহ/ডেৰমাহ বন্ধ থকাৰ পিছত তীৰ নামৰ অৱৈধ জুৱাবিধৰ পুনৰ প্ৰচলন আৰম্ভ হোৱাৰ ঘটনাই চহৰখনৰ সচেতন ৰাইজৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী