নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমাৰ ছাত্ৰী দুৰ্বল হব নালাগে, আমি কোনো গুণে কম নহয়ঃ আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্ত

নিয়মীয়া বাৰ্তা, ১৩ মাৰ্চঃ আমাৰ কন্যা সকল কোন গুণে কম নহয় । আমি সুস্থ সবল মন আৰু দেহৰ অধিকাৰী হব লাগিব। স্কাই ইজ দ্য লিমিত। এই লক্ষ্যৰে আমি আমাৰ ছাত্ৰ ছাত্ৰী সকলক আগুৱাই নিব লাগিব। মৰিগাঁৱৰ জৱাহৰ নবোদয় বিদ্যালয়ত আজি মৰিগাঁও জিলা আৰক্ষী প্ৰশাসন আৰু বিদ্যালয় কৰ্তৃপক্ষৰ যুটীয়া প্ৰচেষ্টাত আৰম্ভ কৰা আত্মৰক্ষাৰ কৌশল বিশেষ প্ৰশিক্ষণ কায্যসূচীৰ শুভাৰম্ভ কৰি এই মনোগ্ৰাহী আৰু প্ৰেৰণা মূলক ভাষণ প্ৰদান কৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। বিশেষকৈ কিশোৰ অৱস্থা তথা বয়সন্ধিৰ কালছোৱাত ছাত্ৰ ছাত্ৰী ৰ শাৰিৰীক আৰু মানসিক পৰিৱৰ্তনক শুদ্ধ আৰু গঠনমূলক চিন্তাৰে আগুৱাই নিয়াৰ ওপৰত গুৰুত্ব দিয়াৰ লগতে শেহতীয়াকৈ একাংশ শিশু আৰু মহিলাৰ বিৰুদ্ধে সংঘটিত হোৱা অপৰাধৰ বিৰুদ্ধে ব্ৰজ কঠোৰ প্ৰদক্ষেপ গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে। উল্লেখ্য এই প্ৰশিক্ষণ কায্যসূচী প্ৰশিক্ষণ প্ৰদান কৰিব অসম আৰক্ষীৰ মহীয়া কমাণ্ডো বীৰাংগনাৰ দলে। উক্ত অনুষ্ঠানত উপস্থিত থাকি মৰিগাঁৱৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই অসম আৰক্ষীৰ এই পদক্ষেপক ভূয়সী প্ৰসংশা কৰে। উক্ত অনুষ্ঠানত মৰিগাঁৱৰ আৰক্ষী অধীক্ষক অপৰ্ণা নতৰাজন এই বিশেষ প্ৰশিক্ষণৰ জৰিয়তে ছাত্ৰীসকলে আত্মবিশ্বাসী হৈ উঠিব বুলি আশা প্ৰকাশ কৰে।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like