নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লেহেমীয়া কাজিৰঙাৰ উচ্ছেদঃ অবৈধ নির্মাণক লৈ অসন্তুষ্ট উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিযুক্ত কমিটী

নির্দেশৰ পাছতো লেহেমীয়া কাজিৰঙাৰ উচ্ছেদ

নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ জীৱ–জন্তুৱে অহা–যোৱা কৰাৰ বাবে ব্যৱহাৰ কৰা পথ (এনিমেল কৰিড’ৰ)ত আবদ্ধ কৰা অবৈধ নির্মাণকার্যৰ উচ্ছেদক লৈ ৰাজ্য চৰকৰৰ লেহেমীয়া পদক্ষেপত তীব্র অসন্তুষ্টি প্রকাশ কৰিছে উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিযুক্ত কমিটীয়ে৷ কৰিড’ৰসমূহত যিকোনো ধৰণৰ নির্মাণকার্যত ২০১৯ চনতে উচ্চতম ন্যায়ালয়ে নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও আজি পর্যন্ত ২২টা অবৈধ নির্মাণকার্যৰ মাত্র এটা নির্মাণকার্যহে উচ্ছেদ কৰিছে ৰাজ্য চৰকাৰে৷ চলিত মাহৰ প্রথম ভাগতে অনুষ্ঠিত কমিটীখনৰ বৈঠকত ৰাজ্য চৰকাৰৰ কাম–কাজত অসন্তুষ্টি প্রকাশ কৰাৰ লগতে এই নির্মাণকার্য উচ্ছেদ কার্য ক্ষিপ্রতৰ কৰিবলৈ নির্দেশ দিছে৷ ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱা উপস্থিত থকা ৪ মার্চত অনুষ্ঠিত বৈঠকখনত উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিযুক্ত কমিটীখনে কয় যে ৯টা কৰিড’ৰৰ অবৈধ নির্মাণকার্য উচ্ছেদৰ বাবে ২০১৯ চনৰ ৬ মে’ আৰু ৮ মে’ত দাখিল কৰা শপতনামাৰ জৰিয়তে আশ্বাস প্রদান কৰিছিল ৰাজ্য চৰকাৰে৷ কিন্তু ২০২১ চনৰ ১০ ছেপ্টেম্বৰত কমিটীয়ে ৰাজ্য চৰকাৰৰ মুখ্য সচিবলৈ প্রতিবেদন প্রেৰণ কৰাৰ পাছতহে উচ্চতম ন্যায়ালয়ৰ নির্দেশ কার্যকৰী কৰা হৈছে৷

তদুপৰি কমিটীখনে কয় যে বহু বছৰ পূর্বে উদ্যানখনৰ জীৱ–জন্তুৱে ব্যৱহাৰ কৰা ৯টা কৰিড’ৰ চিনাক্ত কৰা হৈছিল যদিও ৰাজ্য চৰকাৰে বর্তমানলৈ ইয়াৰ সীমা নির্ধাৰণ নকৰিলে৷ এই প্রসংগত কমিটীখনে কয়– ‘২০১৯ চনত অসম চৰকাৰে গঠন কৰা কমিটীৰ পুনৰ গঠনৰ প্রয়োজনীয়তা এই কাৰণে হোৱা নাছিল যে তেওঁলোকে কৰিড’ৰসমূহ চিনাক্ত কৰা নাছিল৷ কিন্তু ২০১৯ চনৰ এপ্রিলত উচ্চতম ন্যায়ালয়ে দিয়া নির্দেশৰ ভিত্তিত এটা কৰিড’ৰৰ সীমা নির্ধাৰণ কৰিব নোৱাৰাৰ বাবেহে পুনৰ গঠন কৰ হৈছিল৷’ অৱশ্যে বৈঠকখনত অসম চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই উচ্চতম ন্যায়ালয়ৰ নির্দেশ ভংগ কৰি কৰিড’ৰসমূহত চলি থকা অবৈধ কাম–কাজৰ সমূহ তথ্য কমিটীখনক দিবলৈ সন্মতি প্রদান কৰে৷ অবৈধ নির্মাণকার্যসমূহৰ ফটোগ্রাফৰ লগতে এই নির্মাণকার্যসমূহৰ বাবে অনুমতি প্রদান কৰা বিষয়ৰ তথ্য প্রদান কৰিবলৈ মুখ্য সচিবগৰাকীয়ে সন্মতি প্রদান কৰে৷ একে সময়তে তেওঁ নির্মাণকার্য বন্ধ কৰাৰ বাবে গ্রহণ কৰা পদক্ষেপ, কৰিড’ৰসমূহৰ সীমা নির্ধাৰণৰ বাবে দুখন কমিটী গঠন কৰিবলৈ জাৰি কৰা জাননী, উচ্চতম ন্যায়ালয়ৰ নির্দেশাৱলী কার্যকৰী কৰিবলৈ দায়িত্ব অর্পণ কৰা বিষয়া, অবৈধ নির্মাণ উচ্ছেদৰ বাবে জাৰি কৰা জাননীসহ বিভিন্ন তথ্য উচ্চতম ন্যায়ালয়ৰ দ্বাৰা নিযুক্ত কমিটীখনক প্রদান কৰিবলৈও সন্মতি জনাইছে৷

উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ জীৱ–জন্তুৱে ব্যৱহাৰ কৰা ‘এনিমেল কৰিড’ৰ’ত চৰকাৰী অতিথিশালা, সুৰাৰ বিপণী, ছয়টা পার্কিং, পাঁচটা ৰিজ’ট, বাসভৱন, এটা বিবাহ ভৱন, দুখন ৰেষ্টুৰেণ্ট, এখন কাফে আৰু এখন হোটেল আছে৷

You might also like