নিৰ্মীয়মাণ ধুবুৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন নেচনেল মেডিকেল কমিছনৰ তিনিজনীয়া দলৰ
নিয়মীয়া বাৰ্তা, ১৪ মাৰ্চঃ অহা ছেপ্টেম্বৰ মাহৰ পৰা ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত আৰম্ভ হ’ব পাৰে ছাত্ৰ–ছাত্ৰীৰ নামভৰ্তি। আজি নেচনেল মেডিকেল কমিচন (চমুকৈ এনএমএচ)ৰ এটা তিনিজনীয়া দলে ধুবুৰীৰ ঝগৰাৰপাৰৰ নিৰ্মীয়মাণ চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কৰাৰ পিছত সাংবাদিকৰ সন্মুখত এই আশা ব্যক্ত কৰা পোৱা যায় ধুবুৰী অসামৰিক চিকিৎসালয়ৰ সহকাৰী অধ্যক্ষ ডা৹ হাৰুণ ৰশিদে। উল্লেখ্য যে, আজি হেলিকপ্টাৰ যোগে ধুবুৰীৰ ভোলানাথ মহাবিদ্যালয় খেল পথাৰত নিৰ্মিত অস্থায়ী হেলিপেডত অৱতৰণ কৰাৰ পিছত তাৰ পৰা পোনে পোনে নিৰ্মিয়মান ধুবুৰী চিকিৎসা মহাবিদ্যালয়থলীত উপস্থিত হয়। ডা৹ অখিলেশ কুমাৰ আগৰৱালাৰ নেতৃত্বত অহা এমএনএচৰ সেই তিনিজনীয়া দলটোৱে নিৰ্মীয়মাণ চিকিৎসা মহাবিদ্যালয়খনৰ বিল্ডিংৰ পৰিকাঠামোৰ বুজ লয়। পিছত নিৰ্মীয়মান সেই ধুবুৰী চিকিৎসা মহাবিদ্যালয়ৰ গাতে লাগি থকা ধুবুৰী অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ সেইখনৰ আন্তঃগাঁথনিকে ধৰি চিকিৎসা সেৱাৰ বুজ লয়। জানিব পৰা মতে,নিৰ্মীয়মাণ এই ধুবুৰী চিকিৎসা মহাবিদ্যালয়ত প্ৰায় এশগৰাকী ছাত্ৰ–ছাত্ৰীক এমবিবিএচৰ পাঠ্যক্ৰমৰ শিক্ষা প্ৰদান কৰাৰ লক্ষেৰে নিৰ্মাণ কৰা হৈছে। অৱশ্যে, এনএমএচৰ এই দলটোৱে দিল্লীলৈ উভতি গৈ প্ৰেৰণ কৰিবলগীয়া অনুমতি পত্ৰৰ ওপৰত নিৰ্ভৰ কৰিব ধুবুৰীৰ নতুন এই চিকিৎসা মহাবিদ্যালয়খনৰ ভৱিষ্যৎ। উল্লেখ্য যে, আজিৰ ধুবুৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন কালত এনএমএচৰ দলটোৰ সংগ দিয়ে জিলা উপায়ুক্ত অন্বামুথন এম পি, জিলাখনৰ স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডা৹ ইমদাদউ উল্লাহকে ধৰি ধুবুৰী জিলা প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ অন্যান্য শীৰ্ষ বিষয়াই।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী