চৰকাৰী কৰ্মচাৰীক কি সকীয়নি হিমন্ত বিশ্ৱ শৰ্মাৰ?
নিয়মীয়া বাৰ্তা, ২২ জানুৱাৰীঃ চৰকাৰী কৰ্মচাৰীলৈ সকীয়নি হিমন্ত বিশ্ৱ শৰ্মাৰ। CAA বিৰোধী আন্দোলনত জড়িত হোৱা একাংশ কলেজ শিক্ষকক পুনৰ সকীয়নি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বন্ধৰ দিনত আন্দোলন কৰিলে দৰমহা কটা নাযায় কিন্তু কোনো শিক্ষক বা অধ্যাপকে শ্ৰেণীৰ সময়ত, চৰকাৰী কৰ্মচাৰীয়ে কাৰ্যালয়ৰ সময়ত আন্দোলন কৰিলে, মন্ত্ৰীক লগ কৰিব আহিলেও বা কোনো মন্ত্ৰী সভালৈ আহিলেও এদিনৰ দৰমহা কটা যাব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ। শনিবাৰ আৰু দেওবাৰে স্কুল-কলেজ ছুটীৰ পিছত আন্দোলন কৰিলে আমাৰ আপত্তি নাই কাৰণ গণতান্ত্ৰিক দেশত আন্দোলন কৰাৰ অধিকাৰ সকলোৰে আছে । এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পৰা এজন চিকিৎসকলৈ প্ৰযোজ্য হ’ব এই নীতি।