মহিলা বিশ্বকাপত আকৌ অভিলেখ ঝুলন গোস্বামীৰ
বিশেষ বাৰ্তা, ১৯ মাৰ্চঃ চলিত মহিলা বিশ্বকাপত এটাৰ পাছত আনটো অভিলেখ গঢ়িছে ঝুলন গোস্বামীয়ে। ইয়াৰ আগৰ মেচখনত ইতিহাসৰ সর্বাধিক উইকেট লোৱা খেলুৱৈ হিচাপে অভিলেখ সৃষ্টি কৰে ঝুলনে। মহিলাৰ এদিনীয়া ক্রিকেটত ২৫০ উইকেট লৈছে। এইবাৰ মহিলাৰ এদিনীয়া ক্রিকেটৰ ২০০ খন মেচ খেলিলে ঝুলনে। শণিবাৰে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে গুৰুত্বপূর্ণ মেচখনত নামি এই নজীৰ স্থাপন কৰে ঝুলনে। অৱশ্যে প্রথম নহয়, দ্বিতীয় মহিলা ক্রিকেটাৰ হিচাপে এই অভিলেখ খেলুৱৈগৰাকীৰ। প্রথমত আছে সতীর্থ তথা ভাৰতীয় মহিলা দলৰ অধিনায়ক মিতালী ৰাজ। এইবাৰ পঞ্চম বিশ্বকাপ খেলত নামিছে ঝুলনে। তেওঁ ২০০৫ চনত প্রথমখন বিশ্বকাপ খেলিছিল।