মধ্য অসমত পুনৰ সক্ৰিয় আলফা (স্বাধীন), তিনি যুৱকৰ আলফাত যোগদান
সমৰেন্দ্ৰ নাৰায়ণ বৰা, কামপুৰ, ১৯ মাৰ্চ : মধ্য অসমত পুনৰ সক্ৰিয় হৈ উঠিছে আলফা (স্বাধীন)। যুদ্ধ বিৰতিৰ আলম লৈ আলফা শক্তিশালী কৰাত পৰেশ বৰুৱা সক্ৰিয় হৈ পৰা পৰিলক্ষিত হৈছে। মধ্য অসমত আলফা শূণ্য বুলি কোৱা বিষয়টো যে সত্য নহয় সেই কথা পুনৰ বাৰ প্ৰমানিত হ’ল শেহতীয়াকৈ তিনিজন যুৱকে আলফা (স্বাধীন) ত যোগদান কৰাৰ ঘটনাই। নগাওঁ আৰু হোজাই জিলাৰ তিনিজন যুৱক ক্ৰমে কামপুৰৰ বনপালি গাঁৱৰ নবীন গোৱালাৰ পুত্ৰ দীপাংকৰ ওৰফে দিগন্ত গোৱালা, নতুন আদৰ্শ গাঁৱৰ খগেশ্বৰ হীৰাৰ পুত্ৰ সুভাষ হীৰা আৰু হোজাই জিলাৰ উক্ত গাওঁ দুখনৰ কাষৰীয়া পতিয়াপামৰ প্ৰবীণ বৰাৰ পুত্ৰ তন্ময় বৰা। ইয়াৰে তন্ময় বৰা চাৰিমাহ ধৰি কলিয়াবৰৰ নলতলীত বইলাৰৰ দানা কোম্পানীত কাম কৰিছিল। তন্ময় বৰা যোৱা ১৪ মাৰ্চত ঘৰলৈ আহি পুনৰ কামলৈ যাম বুলি কৈ গৈছিল আৰু তেতিয়াৰ পৰা ঘৰৰ সৈতে যোগাযোগ বিছিন্ন হৈ পৰে। তন্ময় বৰা নামৰ যুৱক জনৰ নেতৃত্বতে বাকী দুজন যুৱক আলফা (স্বাধীন) ত যোগদান কৰা বুলি সন্দেহ কৰা হৈছে। ইপিনে, এই যুৱক তিনিজনে আলফাত যোগদান কৰাৰ খৱৰ সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পিছতে যুৱক তিনিজনৰ বাসগৃহত আৰক্ষী উপস্থিত হোৱাৰ লগতে পৰিয়ালৰ লোকক থানালৈ মাতি অনা হয়। পৰিয়াল কেইটাক সোধা পোছা কৰাৰ লগতে আৰক্ষীয়ে পৰিয়াল কেইটাক নিজ নিজ সন্তানৰ ফটো দেখুওৱাৰ পিছতে যুৱক কেইজনে আলফাত যোগদান কৰাৰ বিষয়টো নিশ্চিত হয়। আৰক্ষীয়ে ইতিমধ্যে অধিক তথ্য উদঘাটনৰ বাবে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে। উল্লেখ্য যে আলফাত যোগদান কৰাৰ বিষয়ে জানিব পৰাৰ পিছত যুৱক কেইজনৰ পৰিয়ালৰ মাজত এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। আলফা (স্বাধীন)ত যোগদান কৰা তিনিও যুৱক পৰিয়ালকেইটাৰ একমাত্ৰ পুত্ৰ সন্তান। অতি দৰিদ্ৰ পৰিয়ালৰ এই যুৱক তিনিজনৰ ঘৰত হাহাকাৰ সৃষ্টি হৈছে। পৰিয়াল কেইটাই তিনিও যুৱককে ঘৰখনৰ অৱস্থালৈ চাই শীঘ্ৰে ঘুৰি আহিবলৈ কাতৰ অনুৰোধ জনাইছে।