পাকিস্তানী প্ৰধানমন্ত্ৰীৰ মুখত- ম্যে আজ হিন্দুস্তানকো দাদ দেতা হু…
বিশেষ বাৰ্তা, ২১ মাৰ্চঃ ভাৰত আৰু ভাৰতৰ বিদেশ নীতিৰ ভূয়সী প্রশংসা কৰিলে পাকিস্তানী প্রধানমন্ত্রীয়ে। আস্থা ভোটৰ প্ৰত্য়াহ্বানৰ সন্মুখীন হোৱা পাক প্রধানমন্ত্রী ইমৰাণ খানে ভাৰতক প্ৰশংসা কৰাক লৈ কূটনৈতিক মহলত নানা চৰ্চা হৈছে। পাকিস্তানৰ মালাকান্দৰ এখন সভাত পাক প্রধানমন্ত্রীগৰাকীয়ে কয় যে- ‘ম্য়ে আজ হিন্দুস্তানকো দাদ দেতা হু (মই আজি ভাৰতৰ প্রশংসা কৰিব বিচাৰোঁ), দেশখনে সকলো সময়তে স্বাধীন বিদেশ নীতি অৱলম্বন কৰি চলিছে।’
ইমৰান খানে কয়,‘ভাৰত কোৱাডৰ সদস্য। আকৌ আমেৰিকাও তাৰে সদস্য। কিন্তু ভাৰতে নিজকে নিৰপেক্ষ বুলি দাবী কৰি আহিছে। ইপিনে, ভাৰতে আকৌ ৰাছিয়াৰ পৰা তেল আমদানি কৰিছে, যিখন ৰাছিয়াৰ বিৰুদ্ধে আমেৰিকা আৰু পশ্চিমৰ দেশবোৰে নিষেধাজ্ঞা জাৰি কৰিছে। এয়া সম্ভৱ হৈছে কাৰণ ভাৰতৰ বিদেশনীতি দেশখনৰ জনহিতাৰ্থে তৈয়াৰ কৰা হৈছে।’ পাকিস্তানৰ সংবাদ মাধ্যমে ইমৰাণক উদ্ধৃতি দি এই কথা জনাইছে। এয়া প্রথমবাৰ নহয়, জানুৱাৰী মাহতো ভাৰতৰ তথ্য-প্রযুক্তি ক্ষেত্রৰ প্রশংসা শুনা গৈছিল অক্সফোর্ডৰ একালৰ পঢ়ুৱৈজনৰ মুখত।