অসমত ৩ কিঃমিঃ সোমাই মিজোৰ গাঁও স্থাপন
- কাছাৰৰ বিবদমান লাইলাপুৰত পুনৰ সক্রিয় মিজোৰাম আৰক্ষী
- হাতে হাতে মাৰণাস্ত্র লৈ পহৰা দিছে সাধাৰণ লোকেও
- ৪০টাতকৈও অধিক ঘৰ নির্মাণ
নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ আন্তঃৰাজিক সীমান্তত স্থিতাৱস্থা বাহাল ৰখাৰ প্রতিশ্রুতিৰে স্বাক্ষৰ কৰা দ্বিপাক্ষিক চুক্তিক অংগুষ্ঠ প্রদর্শনেৰে অসমভূমিত আগ্রাসন অব্যাহত ৰাখিছে মিজোৰামে৷ বিগত বর্ষৰ ২৬ জুলাইত ৰক্তাক্ত পৰিস্থিতিৰ সূচনা হোৱা কাছাৰ জিলাৰ লাইলাপুৰত পুনৰ মিজোৱে বেদখল আৰম্ভ কৰিছে৷ আনকি অসমৰ সীমাৰ তিনি কিলোমিটাৰ ভিতৰলৈ সোমাই আহি আগ্রাসী চুবুৰীয়া ৰাজ্যখনে স্থাপন কৰিছে এখন গাঁও৷ অসমৰ সংৰক্ষিত বনাঞ্চলত গঢ়ি তোলা এই গাঁওখনত ৪০টাতকৈও অধিক ঘৰ নির্মাণ কৰা হৈছে৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল– মিজোৰামৰ বাসিন্দাক এই কার্যত পৃষ্ঠপোষকতা আগবঢ়াইছে খোদ চুবুৰীয়া ৰাজ্যখনৰ আৰক্ষী বাহিনীয়ে৷ মিজোৰাম আৰক্ষীৰ সক্রিয়তাৰ সমান্তৰালভাৱে বিবদমান অঞ্চলটোৰ বেদখলীকৃত এলেকাত হাতে হাতে মাৰণাস্ত্র লৈ সাধাৰণ লোকেও পহৰা দিয়াটো সীমান্তৱর্তী অসমীয়া জনসাধাৰণে প্রত্যক্ষ কৰিছে৷ লক্ষণীয়ভাৱে অসমৰ এই ভূমিখণ্ডক মিজোৰামে ক’লাশিৱ জিলাৰ অন্তর্গত ভাইৰাংটেৰ অন্তর্ভুক্ত বুলি দাবী কৰি অহাৰ বিপৰীতে অসমৰ ক্ষেত্রত ই লাইলাপুৰৰ এলেকা ৰূপে চিনাক্ত হৈ আহিছে৷ বিবদমান অঞ্চলটোত এটাৰ পাছত এটাকৈ ঘৰ নির্মাণ কৰাৰ কথা অস্বীকাৰ কৰা নাই ক’লাশিৱ জিলাৰ আৰক্ষী অধীক্ষক ভালনালফাকা ৰাল্টেই৷
সংবাদ মাধ্যমৰ আগত মিজোৰাম আৰক্ষীৰ বিষয়াজনে কয় যে দীর্ঘদিন ধৰি এই নির্মাণকার্য চলি আছিল৷ কিন্তু গুলীচালনাৰ ঘটনাৰ পাছত নির্মাণকার্য স্থবিৰ হৈ পৰিছিল যদিও পুনৰ আৰম্ভ কৰা হৈছে৷ প্রধানমন্ত্রী আৱাস যোজনাৰ অধীনত এই নির্মাণকার্য চলোৱা হৈছে৷ সেয়েহে চৰকাৰে নিজাববীয়াকৈ চলোৱা নির্মাণকার্যৰ বৈধতাৰ ওপৰত কোনো প্রশ্ণ উত্থাপন হ’ব নালাগে৷ পিছে মিজোৰাম আৰক্ষীৰ বিষয়াজনৰ এনে মন্তব্যৰ বিপৰীতে সাধাৰণ লোকেও অঞ্চলটোত মাৰণাস্ত্রৰে সজ্জিত হৈ পহৰা দি থকাটোহে চিন্তনীয় বিষয় হৈ পৰিছে৷
বিশেষকৈ এনেদৰে মিজো লোকে অস্ত্র–শস্ত্রৰে সু–সজ্জিত হৈ থকাত আতংকৰ মাজত দিন কটাবলগীয়া হৈছে সীমান্তৱর্তী অসমীয়া জনসাধাৰণে৷ উল্লেখ্য যে বিবদমান এই এলেকাটোতেই যোৱা ২৬ জুলাইত মিজোৰাম আৰক্ষী আৰু দুর্বৃত্তই নির্বিচাৰ গুলীচালনা কৰিছিল৷ ফলত অসম আৰক্ষীৰ ৬জনকৈ বিষয়া–জোৱানে প্রাণ হেৰুওৱাৰ বিপৰীতে আহত হৈছিল ৪৩জনকৈ লোক৷ এই ৰক্তাক্ত ঘটনাৰ পাছতেই কেন্দ্রীয় গৃহ মন্ত্রালয়ৰ হস্তক্ষেপত উভয় ৰাজ্যৰ মুখ্য সচিব পর্যায়ত বৈঠক অনুষ্ঠিত হয়৷ তদুপৰি যোৱা ৫ আগষ্টত মন্ত্রী অতুল বৰা আৰু অশোক সিংহলৰ নেতৃত্বত অসম চৰকাৰৰ এটা উচ্চ পর্যায়ৰ দল আইজলত উপস্থিত হৈছিল৷ আইজল ক্লাবত অনুষ্ঠিত বৈঠকৰ অন্তত সম্পাদিত হৈছিল এখন দ্বিপাক্ষিক চুক্তি৷ এই চুক্তিৰ চর্ত অনুসৰি নিৰপেক্ষ বাহিনী হিচাপে বিবদমান অঞ্চলত কেন্দ্রীয় নিৰাপত্তাৰক্ষীয়ে পহৰা দিয়াৰ বিপৰীতে উক্ত ঠাইৰ পৰা অসম–মিজোৰামে নিজৰ নিজৰ আৰক্ষী প্রত্যাহাৰ কৰিব৷
তদুপৰি স্থিতাৱস্থা বাহাল ৰখাৰ স্বার্থতহে সীমান্তৱর্তী এলেকালৈ নিজৰ নিজৰ বাহিনী পেট্র’লিঙৰ বাবে প্রেৰণ নকৰাৰ বাবেও উভয় পক্ষই সন্মত হৈছিল৷ কিন্তু বাস্তৱ ক্ষেত্রত মিজোৰামে খোজেপতি এই দ্বিপাক্ষিক চুক্তিৰ চর্ত উলংঘা কৰি আহিছে৷ কিয়নো চুক্তিৰ চর্ত অনুসৰি অসমে বিবদমান অঞ্চলৰ পৰা নিজৰ আৰক্ষী বাহিনী প্রত্যাহাৰ কৰিছে যদিও মিজোৰাম আৰক্ষীয়ে বর্তমানেও পূর্বৰ স্থানতে বাহৰ পাতি আছে৷ সেইদৰে বিবদমান অঞ্চলত নিজ ৰাজ্যৰ স্থানীয় লোকৰ সৈতে মিজো আৰক্ষী বাহিনী নিতৌ পেট্র’লিঙত থকা পৰিলক্ষিত হৈছে৷