যুদ্ধ কাক কয় ইউক্রেইনীক বুজাই দিব ছিৰিয়ান যোদ্ধাই
নিয়মীয়া বাৰ্তা, ২১ মাৰ্চঃ চেছেন যোদ্ধাসকলৰ পিছত এইবাৰ ইউক্রেইনৰ বিৰুদ্ধে ৰাছিয়াৰ হৈ যুদ্ধত অৱতীর্ণ হ’বলৈ সাজু হৈছে ছিৰিয়ান যোদ্ধা৷ ছিৰিয়ান অর্ধসামৰিক বাহিনীত কর্মৰত বহু যোদ্ধাই দাবী কৰিছে যে ৰুছ ৰাষ্ট্রপতি ভ্লাডিমিৰ পুটিনে বিচাৰিলেই ইউক্রেইনৰ বিৰুদ্ধে তেওঁলোকে যুদ্ধত নামিব৷ ইতিমধ্যে ইউক্রেইনী সেনাক যুদ্ধত এশিকনি দিবলৈ সাজু হৈ থকা বুলি ঘোষণা কৰিছে ছিৰিয়ান অর্ধসামৰিক বাহিনীৰ বহু বিষয়াই৷
কেৱল নির্দেশলৈহে বাকী৷ ছিৰিয়ান নেচনেল ডিফেন্স ফ’র্চেছ (এনডিএফ)ৰ কমাণ্ডাৰ নাবিল আব্দুল্লাই সংবাদ সংস্থা ৰয়টাৰছক জনাইছে যে ছিৰিয়াত যেতিয়া যুদ্ধ হৈছিল তেতিয়া মফচলীয় আৰু গ্রামীণ অঞ্চলত কেনেদৰে যুদ্ধ কৰিব লাগে সেই সন্দর্ভত যথেষ্ট অভিজ্ঞতা লাভ কৰিছিল৷ সেই অভিজ্ঞতাক এইবাৰ ইউক্রেইনত কামত লগাব পৰা যাব বুলি উল্লেখ কৰিছে কমাণ্ডাৰগৰাকীয়ে৷ ছিৰিয়া আৰু ৰাছিয়াৰ শীর্ষ নেতৃত্বই নির্দেশ দিলেই শীঘ্রে ইউক্রেইনী সেনাৰ বিৰুদ্ধে এনডিএফ যুদ্ধত নামি পৰিব বুলিও আব্দুল্লাই উল্লেখ কৰিছে৷
ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ ইতিমধ্যে মধ্যপ্রচ্যৰ পৰা ১৬,০০০ স্বেচ্ছাসেৱকক সাজু কৰিছে মস্কো প্রশাসনে৷ ছিৰিয়ান বাহিনী যুদ্ধত নামিলে প্রকৃতার্থত যুদ্ধ কাক কয় সেয়া ইউক্রেইনীসকলে বুজিব পাৰিব বুলিও উল্লেখ কৰিছে আব্দুল্লাই৷