নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণতন্ত্রৰ সূচাংকত ১০ স্থানঃ নিম্নগামী ভাৰত

অসমত এনআৰচি, জম্মু–কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মর্যাদা বাতিলৰ প্রভাৱতে বিশ্বৰ ৫১সংখ্যক স্থানলৈ অৱনমিত ইক’নমিষ্ট ইণ্টেলিজেন্স ইউনিটৰ সমীক্ষা

নিয়মীয়া বাৰ্তা, ২৩ জানুৱাৰীঃ গণতন্ত্র সূচাংকত বৃহত্তম গণতান্ত্রিক ৰাষ্ট্র ভাৰতৰ ১০টা স্থান নিম্নগামী হৈছে ৷ ২০১৮ চনতকৈ ১০টা স্থান নিম্নগামী হৈ বিশ্বৰ গণতান্ত্রিক দেশসমূহৰ তালিকাত ভাৰতে ৫১সংখ্যক স্থান লাভ কৰিছে৷ দ্য ইক’নমিষ্ট গ্রুপৰ ইক’নমিষ্ট ইণ্টেলিজেন্স ইউনিটৰ দ্বাৰা বিশ্বৰ ১৬৫খন স্বাধীন দেশত চলোৱা সমীক্ষাত বিগত বর্ষৰ তুলনাত গণতন্ত্র সূচাংকৰ তালিকাত ভাৰতৰ স্থান নিম্নগামী হৈছে ৷

ইক’নমিক্ট ইণ্টেলিজেন্সে চলোৱা সমীক্ষা মতে বিশ্বৰ বৃহত্তম গণতান্ত্রিক ৰাষ্ট্র ভাৰতত ২০১৯ বর্ষত জম্মু–কাশ্মীৰৰ মর্যাদা সলনি আৰু অসমত এন আৰ চি ৰূপায়ণৰ ফলত গণতন্ত্রত বিৰূপ প্রভাৱ পৰে৷ ভাৰতে সংবিধানৰ অনুচ্ছেদ ৩৭০ আৰু ৩৫(ক) বিলুপ্তি ঘটাই জম্মু–কাশ্মীৰৰ বিশেষ ৰাজ্যৰ মর্যাদা কর্তন কৰি আন ৰাজ্যৰ লোকেও উক্ত অঞ্চলত সম্পত্তি ক্রয়ৰ অধিকাৰ প্রদান কৰে৷ ইপিনে, ৰাষ্ট্রীয় নাগৰিকপঞ্জীৰ জৰিয়তে অসমত বিদেশী চিনাক্তকৰণ প্রক্রিয়াটোৱেও গণতান্ত্রিক প্রমূল্যবোধত আঘাত হনা বুলি সমীক্ষাত প্রকাশ পাইছে ৷ উল্লিখিত দুই প্রধান কাৰণৰ বাবেই ভাৰতৰ গণতন্ত্র সূচাংক নিম্নগামী হৈছে৷ নির্বাচনী প্রক্রিয়া আৰু বহু জাতিবাদ, চৰকাৰ পৰিচালনা, ৰাজনৈতিক অংশগ্রহণ, ৰাজনৈতিক সংস্কৃতি আৰু নাগৰিকৰ স্বাধীনতাক আধাৰ কৰি ২০১৯ত চলোৱা সমীক্ষাত মুঠ নম্বৰ ১০ৰ ভিতৰত ভাৰতে লাভ কৰে ৬.৯০৷ উল্লেখ্য যে ২০১৮ চনত ভাৰতৰ নম্বৰ আছিল ৭.২৩ ৷

গণতান্ত্রিক প্রমূল্যবোধ হ্রাস পোৱা আৰু নাগৰিকৰ স্বাধীনতা খর্বৰ কাৰণেই ভাৰতৰ গণতন্ত্র সূচাংক নিম্নগামী হৈছে বুলিও সমীক্ষাত উল্লেখ কৰা হৈছে৷ বিশ্বৰ তালিকাত ৫১সংখ্যক স্থান লাভ কৰা ভাৰতে এছিয়া আৰু অষ্ট্রেলিয়া অঞ্চলৰ দেশৰ ভিতৰত অষ্টম স্থান লাভ কৰে৷ লক্ষণীয় যে গণতন্ত্র সূচাংকৰ তালিকাত ভাৰতৰ স্থান মালয়েছিয়া আৰু টাইৱানতকৈও নিম্ন স্থানত৷ এইক্ষেত্রত মুঠ নম্বৰ ৯.৮৭ৰে শীর্ষস্থান নৰৱেই লাভ কৰাৰ বিপৰীতে ১.০৮ নম্বৰেৰে তালিকাৰ শেষত স্থান লাভ কৰিছে উত্তৰ কোৰিয়াই৷ আনপিনে, ২.২৬ৰে তালিকাৰ ১৫৩সংখ্যক স্থানত আছে চীন৷ লক্ষণীয় যে এছিয়াৰ গণতান্ত্রিক দেশসমূহত ২০১৯ বর্ষটো ব্যাপক কোলাহল বর্ষ হিচাপে চিহ্ণিত কৰা হৈছে৷ আনপিনে, ২০১৯ বর্ষত ছিলি, ফ্রান্স আৰু পর্তুগালে পূর্ণ গণতান্ত্রিক দেশৰ তালিকাত স্থান লাভ কৰাৰ বিপৰীতে মাল্টাই পূর্ণ গণতান্ত্রিক দেশৰ মর্যাদা হেৰুৱাইছে ৷

You might also like